অলপতে ভাগৰি পৰে নেকি?

0
1067

আজিকালি প্ৰায়ে আমি সকলোৱে নিজৰ খোৱা-বোৱাৰ প্ৰতি গুৰুত্ব দিবলৈ পাহৰি যাওঁ৷ ইয়াৰ এটা প্ৰধান কাৰণ হ’ল আমাৰ ব্যস্ত জীৱনশৈলী৷ আমি দৈনন্দিন কামত ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি পুষ্টিকৰ খাদ্যৰ ঠাইত ফাষ্টফুডৰ ব্যৱহাৰ অধিক কৰিবলৈ লওঁ৷ ফলস্বৰূপে আমাৰ শৰীৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে, অলপতে ভাগৰ লাগে, ষ্ট্ৰেচ আদিৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ শৰীৰৰ ভাগৰ দূৰ কৰিবলৈ আপুনি নিজৰ ডায়েটত প্ৰ’টিন আৰু পোষক তত্ত্বৰে ভৰপূৰ আহাৰ গ্ৰহণ কৰা উচিত৷

গতিকে এনাৰ্জি লেভেল আৰু ইমিউনিটি বঢ়াবলৈ এইকেইবিধ খাদ্যক ডায়েটত অন্তৰ্ভুক্ত কৰক–

(১) কিচমিচ ৰাতি এগিলাচ পানীত ভিজাই ৰাখি ৰাতিপুৱা খালী পেটত সেই পানী খালে শৰীৰৰ শক্তি বৃদ্ধি হয়৷


(২) দৈনিক খাদ্য-তালিকাত কণী এটাকৈ অন্তৰ্ভুক্ত কৰিলে শৰীৰৰ পুষ্টিৰ অভাৱ বহুখিনি দূৰ হয়৷


(৩) আপেলত পৰ্যাপ্ত পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে৷ যিয়ে যিকোনো বেমাৰৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰিব পাৰে৷ আপেলত থকা পুষ্টিকৰ উপাদানে আমাৰ শৰীৰৰ শক্তি বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো সহায় কৰে৷


(৪) শৰীৰ আৰু ছাল দুয়োটাৰ কাৰণে ঘিউ উপকাৰী৷ ইয়াত প্ৰচুৰ পৰিমাণে এনাৰ্জি পোৱা যায়৷ ইয়াৰ সেৱনে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ভাগৰ, দুৰ্বলতা, এলাহ ভাব নাইকিয়া কৰে৷


(৫) কল ফাইবাৰৰ প্ৰধান উৎস৷ কলত ভিটামিন, কেলচিয়াম, আইৰন, এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে৷ ইয়াৰ সেৱনে শৰীৰৰ ভাগৰ, দুৰ্বলতা নাইকিয়া কৰি শক্তি বৃদ্ধিত অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here