অমিতাৰ পুষ্টি আৰু ঔষধি গুণ

0
2165


লেখকঃ যতীন দাস

বছৰৰ সকলো ঋতুতে সহজলভ্য অমিতা আমি সকলোৱে চিনি পোৱা এবিধ সুস্বাদু ফল। পকিলে খাবলৈ মিঠা আৰু বৰ সোৱাদ হোৱাৰ লগতে ইয়াক পাচলি হিচাপেও ব্যৱহাৰ কৰা হয়। আনহাতে পকা অমিতাৰ জুচ, পূৰঠ বা আধাপকা অমিতাৰ চালাড, কেঁচা অমিতাৰ খাৰ বৰ ৰুচিকৰ ।
পকা অমিতা, কেঁচা অমিতা, অমিতাৰ ফুল, পাত, বীজ, গা-গছৰ বাকলি, গছ বা ফলৰ আঠা-শিপা আদি সকলো অংশ‌ই আমাৰ দেহৰ নানাবিধ ৰোগৰ মহৌষধ হিচাপে ব‍্যৱহৃত হয়। সেয়ে সৰ্বগুণী তথা অমৃতসম মধু বা মৌজোলৰ লগত তুলনা কৰি অমিতাক মধুফল বা অমৃতা বুলিও কোৱা হয়। আকাৰ আৰু জাত ভেদে বাইশটামান প্ৰজাতিৰ অমিতা পোৱা যায়। অসমকে ধৰি ভাৰতৰ সকলো ৰাজ‍্য তথা কাষৰীয়া দেশসমূহত ইয়াৰ প্ৰচুৰ উৎপাদন হয় । ঔষধি গুণাগুণৰ বাবে পৃথিৱীৰ সকলো দেশতে অমিতাৰ সমাদৰ অধিক হোৱাৰ লগতে গৱেষকসকলে ইয়াৰ বিভিন্ন অংশৰ পৰা ঔষধ প্ৰস্তুত কৰি সুফল লাভ কৰিছে ।

অমিতাৰ পোষক তত্ত্ব :

প্ৰ’টিন, ভিটামিন এ, ভিটামিন বি গোট, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে, ফাইবাৰ, আইৰন, পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম, ফচফৰাচ, ক’পাৰ, জিংক, ছডিয়াম, এণ্টিঅক্সিডেণ্ট, ফাইটো নিউট্ৰিয়েণ্ট, লাইকোপেন, কেৰ’টিন, বিটাকেৰ’টিন, এলকালয়ড আদি নানাবিধ পুষ্টি আৰু পোষক তত্ত্বৰে অমিতা ভৰপূৰ ।

অমিতাৰ গুণাগুণ :

১) পকা অমিতা ৰোগী বা নিৰোগী সকলোৰে বাবে অতি পুষ্টি আৰু বলবৰ্ধক। নিয়মিত সঠিক মাত্ৰাত পকা বা কেঁচা অমিতা খালে দেহ সুস্থ হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

২) শৌচ খোলোচা নোহোৱা, সময়মতে বা দুই-তিনি দিনলৈ শৌচ নোহোৱা বা কৌষ্ঠকাঠিন্য আদি লক্ষণ বহুতো ব্যক্তিৰ ক্ষেত্ৰতেই দেখা যায় । স্বভাৱগতভাৱে এনে সমস্যাত ভোগা ব‍্যক্তিৰ দেহ-মন সুস্থ নাথাকে। যাৰ ফলত তেনে ব্যক্তিয়ে বিভিন্ন ৰোগত ভুগিব পাৰে। অমিতাই পৰিপাক তথা হজমশক্তি বৃদ্ধি কৰি কৌষ্ঠকাঠিন‍্য দূৰ কৰাৰ লগতে শৰীৰৰ অলাগতিয়াল পদাৰ্থ toxin বাহিৰ কৰাত সহায় কৰে। পূৰঠ অমিতা কেঁচাই খালে ভাল ফল পোৱা যায়।
আমিষভোজী বা সঘনাই মাছ-মাংসৰ দৰে গুৰুপাকী আহাৰ খাই থকা লোকে নিয়মিত অমিতা খোৱাটো ভাল।
৩) পাইলছ্ বা অৰ্শ ৰোগীৰ বাবে অমিতা অতি উপকাৰী পথ‍্য। একেৰাহে কিছুদিন নিয়মিতভাৱে খালে যথেষ্ঠ ভাল ফল পোৱা যায় ।
৪) হৃদৰোগ, ডায়েবেটিচ, উচ্চ ৰক্তচাপ, অতিৰিক্ত কলেষ্ট্ৰৰেল বৃদ্ধি আদিৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অমিতা সেৱনে মহৌষধৰ দৰে কাম কৰে।
৫) বাতবিষ, গাঁঠিবিষ, দেহ ফুলা, পানী জমা হোৱা আদি ৰোগৰ বাবে অমিতা অতি উত্তম পথ‍্য ।
৬) অমিতাই ক্ষীণ বা শকত লোকৰ দেহৰ ওজন স্বাভাৱিক কৰে ।
৭) অমিতা ক্ষাৰধৰ্মী হোৱাৰ বাবে অম্লপিত্ত, এচিডিটি আদি দূৰ কৰাত সহায় কৰে।
৮) মহিলাৰ অনিয়মিত মাহেকীয়া বা আনুষংগিক অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰতো অমিতাই সহায় কৰে।
গৰ্ভৱতী মাতৃয়ে পকা অমিতা, বা কেঁচা অমিতাৰ তৰকাৰী মাজে মাজে খোৱাটো ভাল, কিন্তু অধিক মাত্ৰাত কেতিয়াও খাব নালাগে।
৯) প্ৰসূতিকালীন মহিলাই অমিতা সেৱন কৰিলে স্তনদুগ্ধ বৃদ্ধি পায়।
১০) নিয়মিতভাৱে অমিতা খালে মানসিক তথা বয়সৰ চাপ আঁতৰ হয় ।
১১) অমিতাই আমাৰ দেহৰ অপকাৰী বেক্টেৰিয়াৰ লগতে ভাইৰাছ-সংক্ৰমণজনিত ৰোগ দূৰ কৰে।
১২) অমিতাই গাৰ ছাল মসৃণ আৰু ছালৰ ৰোগ প্ৰতিৰোধ কৰে । গা ধোৱা পানীত কেইটুকুৰামান অমিতা মিহলাই গা ধুলে ছাল সতেজ হয়। উল্লেখ্য যে শিশুৰ গাধোৱা পানীত কেইখিলামান তুলসী পাত মিহলোৱাটো অত্যন্ত ভাল কথা।
১৩) পকা অমিতা মুখত বা ছালত ঘহিলে ছাল মসৃণ হোৱাৰ লগতে বীজানুমুক্ত হয়।
১৪) চকুৰ দৃষ্টিশক্তি তথা চকুৰ নানাবিধ ৰোগৰ বাবে অমিতা নিয়মিতভাৱে খোৱাটো অত্যন্ত জৰুৰী।
১৫) অমিতাৰ ফুল ব্ৰংকাইটিছ, জণ্ডিচ আৰু বৃক্কসম্বন্ধীয় ৰোগৰ বাবে হিতকাৰী। এনে ৰোগৰ ক্ষেত্ৰত এক/ডেৰ চামুচ অমিতা গছৰ শিপাৰ ৰসত মৌ মিহলাই খালে সুফল পোৱা যায়।

অমিতাৰ বীজ আৰু আঠা :

অমিতা কাটি সচৰাচৰ বীজবোৰ পেলাই দিয়া হয় আৰু গাখীৰৰ দৰে ওলোৱা আঠাৰ বাবে বহুতে অমিতা কাটিবলৈ বেয়া পায়। আচলতে অনাদৃত আঠা বা বীজবোৰত যথেষ্ঠ পৰিমাণে ঔষধি গুণ আছে । আজিকালি এইবোৰৰ পৰা নানাবিধ ঔষধ, চাবোন, কচমেটিক সামগ্ৰী আদি প্ৰস্তুত কৰাৰ কাম আৰম্ভ হৈছে।
পকা অমিতাৰ ক’লা বীজ ধুই ৰ’দত শুকুৱাই( অতিপাত নুশুকুৱাব ) মিহিকৈ গুৰি কৰি বয়স অনুসৰি ১গ্ৰামৰ পৰা ৪গ্ৰাম গৰম পানীৰ লগত খোৱাটো শৰীৰৰ বাবে অত্যন্ত ভাল।
১৬) টাইফয়ড জ্বৰত বহুদিন ভুগি থাকিলে আহাৰৰ পিছত এচামুচকৈ অমিতাৰ বীজৰ গুৰি কিছুদিন খালে আৰোগ্য লাভ কৰিব পাৰি।
১৭) অমিতাৰ শুকান বীজৰ চূৰ্ণ কৰ্কট ৰোগ, হাঁপানী, লিভাৰ চিৰ’চিচ, লিভাৰৰ সংক্ৰমণ, প্লীহা বৃদ্ধি, বৃক্কৰ বিভিন্ন ৰোগ আদি নিৰাময়ৰ বাবে অত্যন্ত উপকাৰী দৰব।
১৮) অমিতাৰ শুকান বীজৰ গুৰি ( শিশুৰ বাবে এক-দুই গ্ৰাম আৰু ডাঙৰৰ বাবে তিনি-চাৰি গ্ৰাম) অলপ গৰম পানী সৈতে মিহলাই ৰাতি আহাৰ খোৱাৰ এঘণ্টাৰ পাছত খালে কৃমিৰ সমস্যা দূৰ হয় ।
১৯) দাঁতৰ বিষৰ ক্ষেত্ৰত অমিতা গছৰ শিপা নাইবা ছালৰ ৰস দাঁতত লগালে বিষ কমে।
২০) অমিতাৰ আঠাত গ্লিচাৰিন মিহলাই
খৰ, খজুৱতি, পুৰণি ঘা আদিত লগালে সোনকালেই আৰোগ্য হয়।
২১) মুখ বা জিভাত ঘা হ’লে অমিতাৰ আঠাত পানী মিহলাই তাত লগালে সোনকালেই উপসম হয়।
২২) ঘা শুকুৱাৰ পাছত অমিতাৰ আঠা জুয়ে পোৰা দাগত লগালে দাগ গুচে ।
২৩) অমিতাৰ পাত মাৰাত্মক ডেঙ্গু ৰোগৰ মহৌষধ। ইয়াৰ পৰা প্ৰস্তুত কৰা টেবলেট, কেপচুল, চিৰাপ আদিয়ে এই ৰোগ নিৰাময় কৰে ।

অপকাৰী গুণ

অমিতাৰ অপকাৰী গুণ নাই যদিও এই কথাকেইটা মনত ৰাখিব–
১) অত‍্যধিক মাত্ৰাত অমিতা খালে পেটৰ অপকাৰ কৰিব পাৰে। বিশেষকৈ গৰ্ভৱতী মহিলাই অধিক পৰিমাণে অমিতা নোখোৱাই ভাল।
২) অমিতা অধিক খোৱাৰ বাবে যদি এলাৰ্জি বা ছালৰ কোনো সমস্যা, পেটৰ অসুখ, নতুবা কিবা পাৰ্শ্বক্ৰিয়া অনুভৱ কৰে, তেন্তে কমাই খাব ।
৩) আন কিছুমান ৰোগতো অমিতাই অপকাৰ কৰি পাৰে। সেয়ে জটিল ৰোগত ভুগি থকা ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে অমিতা খোৱা উচিত ।

শেষত দুআষাৰ :

অমিতাৰ গুণাগণ অপৰিসীম। বজাৰৰ অধিক মূল্যৰ অন্যান্য পাচলিৰ তুলনাত অমিতাৰ মূল্য যথেষ্ঠ কম; লগতে ই বিষাক্ত ৰাসায়নিক দৰবমুক্ত। তথাপি দেখা যায় বহুলোকে অমিতা খাবলৈ অনিচ্ছা কৰে। সেয়া যি কাৰণতে নহওক, দেহৰ উপকাৰী নানা ঔষধি গুণসমৃদ্ধ অমিতা সকলোৱে খাওক। বিভিন্ন জুতিৰে খাওক, ল’ৰাছোৱালীকো খুৱাওক। পাচলিৰ নাতনি পূৰাবলৈ ঘৰৰ আশে-পাশে দুজোপামান অমিতাগছ নিশ্চয়কৈ ৰোৱক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here