অমংগলৰ আগজাননী নে স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা ! ক’ত ঘটিছে?

0
1197

আচৰিত লাগিলেও সঁচা– এক আচৰিত ধৰণে ঘটা অস্বাভাৱিক ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে৷ উক্ত ঘটনাটো ঘটে উজনি অসমত, ঘাইকৈ যোৰহাট জিলাত৷ বৰষুণ-বতাহ বা আন কোনো প্ৰাকৃতিক ঘটনা নোহোৱাকৈয়ে আছাম টাইপ ঘৰৰ কথা বাদেই, আৰ চি চি ঘৰৰো দুই-তিনি মহলত থকা ঘৰৰো পকী টাইলছ লগোৱা মজিয়া তিতি গৈছে৷ যোৰহাটকে ধৰি ডিব্ৰুগড়, তিনিচুকীয়া আদি উজনি অসমৰ বহু লোকৰ মজিয়াৰ পৰাই পানী বিৰিঙি ওলাই আহিছে৷ কেৱল ইমানেই নহয়, ফ্ৰীজ, আলমাৰিৰ দৰে আচবাব-পত্ৰও ঘামি যোৱাৰ দৰে হৈছে৷ বহুতেই ভাবি লৈছে এই ভয়াৱহ পৰিস্থিতিত এইবোৰ আন এক ভয়ংকৰ অমংগলৰ সংকেত আৰু সেইবাবেই সেই বিশেষ দিনটোৰ সৰ্বাধিক চৰ্চিত বিষয়টোৱেই হৈছে মজিয়া তিতি যোৱাৰ ঘটনাটো৷ পাছত অৱশ্যে এয়া কোনো অমংগলৰ আগজাননী নহয়, বৰং ই এক স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনাহে বুলি জানিব পৰা গৈছে৷ এই কথা নিশ্চিত কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানী ৰাজীৱ লোচন ডেকাই কয় যে বায়ুমণ্ডলত এইকেইদিন পুৱাৰ ভাগত ৯৯ শতাংশ আৰু বিয়লিৰ ভাগত ৯৩ শতাংশপৰ্যন্ত জলীয় বাষ্পৰ উপস্থিতি ধৰা পৰিছে৷ বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলতে এনে হৈছে বুলি মন্তব্য কৰি ডেকাই কয় যে বায়ুমণ্ডল জলীয় বাষ্পৰে পৰিপূৰ্ণ হৈ থকাৰ বাবে অতিৰিক্ত জলীয় বাষ্পখিনি বায়ুমণ্ডললৈ যাব নোৱাৰি এনেদৰে য’তে-ত’তে জমা হৈ পৰিছে৷ বতৰ বিজ্ঞানীজনৰ মতে, এয়া সম্পূৰ্ণ এক স্বাভাৱিক পৰিঘটনা আৰু এয়া পূৰ্বতেও ঘটিছে৷ ইফালে বতৰ বিজ্ঞান বিভাগৰ পৰা জানিব পৰা মতে, অহা তিনিদিনলৈ বতৰ ভাল হোৱা বা বৰষুণৰ পৰিমাণ কমি যোৱাৰ কোনো সম্ভাৱনা নাই৷ অহা ২৬ মে’ৰ দিনা ‘য়াছ’ নামৰ ঘুৰ্ণী বতাহজাকে পশ্চিম বংগ আৰু ওড়িষাত খুন্দা মৰাৰ পাছতহে আমাৰ ইয়াত বতৰ ভাল হ’ব৷ এই প্ৰসংগতে উল্লেখনীয় যে উজনিত চলি থকা কাৰ্ফিউৰ বাবে প্ৰদূষণৰ পৰিমাণ অভাৱনীয় ধৰণে হ্ৰাস পাইছে আৰু ইয়াৰ ফলতে প্ৰাকৃতিক ঘটনাবোৰ বৰ্তমান অস্বাভাৱিক যেন লাগিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here