অভূতপূৰ্ব ! অসমমুলুকত প্ৰাকৃতিকভাৱে টী বেগ প্ৰস্তুত

0
2348


আধুনিক জীৱনশৈলীত টী বেগ লৈ চাহ খোৱাটো সকলোৰে অভ্যাসত পৰিণত হৈছে৷ কিন্তু আপোনালোকে জানেনে এটা টী বেগে ১১.৬ বিলিয়ন মাইক্ৰ’প্লাষ্টিক আৰু ৩.১ বিলিয়ন নেন’প্লাষ্টিকৰ উপাদান এৰি দিয়ে৷ টী বেগসমূহ শৰীৰৰ কাৰণে সুৰক্ষিত নহয় বুলি কানাডাৰ Mchill university-ৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে৷ টী বেগৰ ব্যৱহাৰ পৰোক্ষভাৱে পৰিৱেশৰ লগতে আমাৰ স্বাস্থ্যৰ পক্ষেও হানিকাৰক৷ এই সমস্যা আঁতৰ কৰিবলৈ অসমৰ শিৱসাগৰস্থিত চাহ কোম্পানী The Tea Leaf Theory চমুকৈ TTLT-এ প্ৰাকৃতিকভাৱে টী বেগ উদ্ভাৱন কৰি উলিয়ায়৷ উপমন্যু বৰকাকতী আৰু অংশুমান ভৰালী নামৰ দুই অসমীয়া বন্ধুই উদ্ভাৱন কৰে এই টী বেগ, য’ত কেৱল এটি কলি দুটি পাতৰ জৰিয়তে এই টী বেগ তৈয়াৰ কৰা হৈছে৷ Woolah ব্ৰেণ্ডৰ Truedips নামেৰে এই টী বেগসমূহ বজাৰলৈ উলিয়াই দিয়া হয়৷ সাধাৰণতে বজাৰত উপলব্ধ টী বেগসমূহ প্লাষ্টিকৰ বেগত ভৰোৱা থাকে আৰু ৰৈ যোৱা চাহৰ গুৰিৰে তৈয়াৰ কৰা হয়৷ যাৰ বাবে কেতিয়াবা তিতা সোৱাদ পোৱা যায় আৰু প্লাষ্টিকৰ বেগত ভৰোৱা বাবে চাহপাতৰ গুৰিবোৰ ভালকৈ ফুলিব নোৱাৰে৷ কিন্তু TTLT-এ উদ্ভাৱন কৰা এই টী বেগত প্ৰাকৃতিকভাৱে চাহপাত ছিঙি আনি তৈয়াৰ কৰা হয় আৰু প্লাষ্টিকৰ বেগত ভৰোৱা নহয়৷ যাৰ বাবে গৰম পানী দিয়াৰ লগে লগে চাহৰ পাত ভালকৈ ফুলি উঠি ইয়াৰ ঔষধি গুণ বাহিৰ হোৱাত সহায়ক হয়৷ এই কথা সদৰী কৰে খোদ TTLT কোম্পানীয়ে৷ এই টী বেগত থকা চাহপাতসমূহ একেলগে এডাল কপাহৰ ৰছীত বন্ধা থাকে আৰু ইয়াৰ ওজন প্ৰায় দুই গ্ৰাম৷ এই টী বেগসমূহ দুই-তিনিবাৰলৈ ব্যৱহাৰ কৰিব পাৰি৷ TTLT-এ Filthy green (গ্ৰীন টী) , Filthy white (বগা চাহ), Dirty detox (গ্ৰীন টীৰ সৈতে তুলসী), killer immunity (ব্লেক টীৰ সৈতে তুলসী), brutal combo বিভিন্ন ফ্লেভাৰৰ টী বেগ উদ্ভাৱন কৰি উলিয়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here