অন্ধ্ৰ প্ৰদেশত কৰ’নাৰ এটা নতুন ষ্ট্ৰেইন

0
784

সংক্ৰমণ হোৱাৰ তিনিৰ পৰা চাৰি দিনৰ ভিতৰত ৰোগীৰ হাঁওফাঁওলৈ অক্সিজেনৰ যোগান বন্ধ হৈ পৰে আৰু সময় থাকোঁতেই চিকিৎসা তথা অক্সিজেনৰ যোগান নধৰিলে তেওঁৰ মৃত্যু হ’ব পাৰে

অন্ধ্ৰ প্ৰদেশত কৰ’নাৰ এটা নতুন ষ্ট্ৰেইন পোৱা গৈছে৷  ইয়াক এপি ষ্ট্ৰেইন (AP strain) আৰু এন ৪৪০ কে (N440K) নাম দিয়া হৈছে৷ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়’লজিৰ বিজ্ঞানীসকলৰ মতে এই ষ্ট্ৰেইন ভাৰতত বৰ্তমান পোৱা ষ্ট্ৰেইনতকৈ প্ৰায় ১৫ গুণ অধিক ভয়াৱহ৷ এই নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ হোৱা ৰোগী ৩-৪ দিনৰ ভিতৰত হাইপ’ৰেক্সিয়া বা ডিছপনিয়াৰৰ চিকাৰ হ’ব পাৰে৷ ইয়াৰ অৰ্থ হ’ল সংক্ৰমণ হোৱাৰ তিনিৰ পৰা চাৰি দিনৰ ভিতৰত ৰোগীৰ হাঁওফাঁওলৈ অক্সিজেনৰ যোগান বন্ধ হৈ পৰে আৰু সময় থাকোঁতেই চিকিৎসা তথা অক্সিজেনৰ যোগান নধৰিলে তেওঁৰ মৃত্যু হ’ব পাৰে৷ কৰ’নাৰ এই নতুন ৰূপ প্ৰথমে ধৰা পৰে কুৰনুলত৷ কৰ’নাৰ এই নতুন ৰূপৰ দ্ৰুতগতিত সংক্ৰমণ হৈছে আৰু উন্নত ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকো এই ষ্ট্ৰেইনৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে৷ বিজ্ঞানীসকলৰ মতে, যুৱক-যুৱতী আৰু শিশুৰ অধিক সংক্ৰমণ হৈছে এই ষ্ট্ৰেইনৰ৷ বিশেষজ্ঞসকলৰ মতে, সময় থাকোঁতেই এই ষ্ট্ৰেইনৰ চেইন ভাঙিব নোৱাৰিলে ই দেশত কৰ’নাৰ সংক্ৰমণক অধিক ভয়াৱহ কৰি তুলিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here