অন্ধবিশ্বাস! এইখন অসমতে নৰবলি

0
1469

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা চৰম শিখৰত উপনীত হোৱাৰ পাছতো আজিও মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰা নাই৷ একমাত্ৰ অন্ধবিশ্বাসৰ বলি হৈয়ে নৰবলিৰ দৰে জঘন্য অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল স্বয়ং পিতৃয়ে৷

হয়,– এনে এক কাণ্ডই সংঘটিত হৈছে চৰাইদেউ জিলাৰ চফ্ৰাইত৷ চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ চিংল’ লাইনত সংঘটিত হোৱা নৰবলি কাণ্ডই হতচকিত কৰি তুলিছে সমগ্ৰ জিলাবাসীক৷ উল্লেখ্য যে চফ্ৰাই চিংল’ লাইনৰ অপহৃত হোৱা শিশুটিৰ মৃতদেহ বিগত তিনিটা দিনৰ অন্তত যোৱা ১১ আগষ্টত সন্ধিয়া চিংল’ নৈত উদ্ধাৰ হোৱাৰ পিছতে, শিশুটি অন্ধবিশ্বাসৰ কবলত পৰি এক নৰবলি প্ৰথাৰ দৰে ভয়ংকৰ কাণ্ডৰ চিকাৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ সমগ্ৰ ঘটনাৰ সৈতে জড়িত হৈ পৰিছে শিশুটিৰ পিতৃৰ লগতে এজন কালীসাধক আৰু আন এজন যুৱক৷ এই শিশু নৰবলিৰ প্ৰকৃত মূল পৰিকল্পনাকাৰী ব্যক্তি দুজন হ’ল কালীসাধক বগাধৰ মুণ্ডা, শিশুটিৰ পিতৃ আন্তা মুণ্ডা, তেওঁলোকৰ সহায়কাৰী ৰাজু মুণ্ডা৷ সমগ্ৰ ঘটনাটো অনুসৰি যোৱা দেওবাৰৰ নিশা ১১-৩০ মান বজাত 8 বছৰীয়া শিশু প্ৰিয়া মুণ্ডাক ঘৰৰ ভিতৰৰ পৰা কোনো অচিনাক্ত ব্যক্তিয়ে বেৰা ভাঙি লৈ যায় বুলি পিতৃ আন্তা মুণ্ডাই স্থানীয় গাঁওৰক্ষী বাহিনী আৰু চফ্ৰাই চাহ বাগিচা কতৃৰ্পক্ষক অৱগত কৰে৷ পৰৱৰ্তী সময়ত চফ্ৰাই আৰক্ষী চকীত শিশুটিৰ বায়েক ৰীতামণি মুণ্ডাই এখন এজাহাৰ দাখিল কৰে৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই পিতৃসহ ১১গৰাকী ব্যক্তিক আটক কৰে৷ অপহৃত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্‌ঘাটন হ’বলৈ ধৰে৷

স্থানীয় ৰাইজ তথা গাঁওৰক্ষী বাহিনীয়ে দিয়া অভিযোগ অনুসৰি, যোৱা দেওবাৰে ‘অমাৱস্যা’ৰ নিশা কালীসাধক বগাধৰ মুণ্ডাই পিতৃক লগত লৈ চিংল’ নৈৰ কাষত কালীক পূজিবলৈ গৈ পূজা-অৰ্চনাৰ অন্তত শিশুটিক বধ কৰি নদীত পেলাই দিয়ে৷ পূজা-অৰ্চনাৰ অন্তত নদীখনত পূজাৰ সা-সামগ্ৰীসমূহৰ সৈতে শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়৷ ইতিমধ্যে চৰাইদেউ জিলা সহঃ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ শিশুটি মৃতদেহ উদ্ধাৰ হোৱা ঠাইত উপস্থিত হৈ পূজাৰ সামগ্ৰীসমূহ জব্দ কৰে৷ শিশুটিৰ মৃত্যুৰ সৈতে জড়িত থকা সমূহ তথ্যৰ পৰা নিশ্চিত হৈছে যে শিশুটি নৰবলি প্ৰথাৰ চিকাৰ হয়৷ শিশুটিক কেনেধৰণে হত্যা কৰিলে, সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতে নিশ্চিত হ’ব৷ এই ঘটনাই সমগ্ৰ চাহ বাগিচাখনৰ লগতে জিলাখনক জোকাৰি গৈছে৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সোণাৰি আৰক্ষী থানাত ১৬২/২১ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৪৪৮/৩৬৩ ধাৰাত তদন্ত অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here