অন্ধবিশ্বাস-উৰাবাতৰিত গুৰুত্ব নিদি ভেক্‌চিন লওক: কোনে জনালে আহ্বান? Get vaccinated instead of believing in superstition and rumours. Who made this appeal?

0
769
অন্ধবিশ্বাস তথা উৰাবাতৰিক গুৰুত্ব নিদি দলে-বলে আহি ক’ভিড-১৯ৰ ভেক্‌চিন লোৱাৰ বাবে ৰাইজক আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ চলিত নৱেম্বৰ মাহৰ ভিতৰতে ১৮ বছৰ ঊধবৰ্ৰ সকলো লোককে প্ৰথম পালি ক’ভিড ভেক্‌চিন প্ৰদান কৰা হ’ব বুলি জনাই মন্ত্ৰীজনে কয় যে এতিয়াও ভেক্‌চিন নোলোৱাকৈ থকা লোকসকলক ভেক্‌চিন লোৱাৰ ক্ষেত্ৰত ধৰ্মগুৰু, সমাজৰ গণ্যমান্য লোকসকলৰ লগতে স্থানীয় সমাজ কৰ্মীসকলে বিশেষ উদ্যোগ ল’ব লাগিব৷ ১২ নৱেম্বৰত সাতখন জিলাৰ থলুৱা লোকৰ প্ৰতিনিধি, খ্ৰীষ্টান ধৰ্মীয় নেতৃত্ব আৰু সামাজিক কৰ্মকৰ্তাৰ সৈতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব জিষ্ণু বৰুৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ কোকৰাঝাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোৱালপাৰা, ওদালগুৰি, শোণিতপুৰ আৰু কামৰূপ (মহানগৰ) জিলাৰ একুৰিৰো অধিক ধৰ্মীয় নেতা আৰু সামাজিক কৰ্মীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত স্বাস্থ্য মন্ত্ৰী, মুখ্য সচিব, স্বাস্থ্য বিভাগৰ সচিব আৰু NHM-ৰ ৰাজ্যিক সঞ্চালকে ক’ভিড ভেক্‌চিন গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তা সম্পৰ্কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে নৱেম্বৰৰ ভিতৰতে ৰাজ্যখনে এশ শতাংশ যোগ্য লোকক প্ৰথম পালি ক’ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্দিষ্ট কৰাৰ বিষয়েও অৱগত কৰে৷ ইতিমধ্যে ৰাজ্যত কেইবাহাজাৰ লোকে বিভিন্ন উৰাবাতৰি, অপপ্ৰচাৰ, অন্ধবিশ্বাস আদিৰ বাবে ভেক্‌চিন ল’বলৈ দ্বিধাগ্ৰস্ত আৰু অনিচ্ছুক হৈ আছে৷ এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত ভেক্‌চিন  গ্ৰহণৰ উপযোগিতাৰ বিষয়ে জনসজাগতা বৃদ্ধি আৰু ক’ভিড প্ৰতিষেধক সম্পৰ্কীয় উৰাবাতৰি-অপপ্ৰচাৰ আদিয়ে সৃষ্টি কৰা বিভ্ৰান্তি আঁতৰাই ৰাইজক প্ৰতিষেধক ল’বলৈ উৎসাহী কৰিবলৈ  স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য সচিবে আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here