অনাময় ব্যৱস্থাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কি ক’লে? What did the UN Secretary General say about hygiene?

0
749
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনী গুটেৰেছে সকলোৰে বাবে স্বাস্থ্য আৰু অনাময়ৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ দেশসমূহক আহ্বান জনাইছে৷ দেশসমূহে প্ৰতিজন নাগৰিকৰ স্বাস্থ্য আৰু অনাময় নিশ্চিত কৰিবলৈ আহবান জনায় কয় যে শৌচালয় অবিহনে জীৱন অপৰিষ্কাৰ, বিপজ্জনক আৰু সন্মানহীন৷ অনাময় ব্যৱস্থ্য সঠিক নহ’লে জীৱন বিপদাপন্ন হৈ পৰে৷ লগতে উপযুক্ত অনাময় ব্যৱস্থাই জীৱনত ঘাতকৰূপে দেখা দিব পাৰে৷ সমগ্ৰ বিশ্বত প্ৰতিদিনে ৭০০তকৈও অধিক শিশুৰ অসুৰক্ষিত পানী আৰু অনাময়ৰ বাবে ডায়েৰিয়া আদি ৰোগত মৃত্যুমুখত পৰে৷ তেওঁ লগতে উল্লেখ কৰে যে শৌচালয়ে জীৱন ৰক্ষা কৰে৷ এক সমীক্ষা মতে সম্প্ৰতি বিশ্বত ৩.৬ বিলিয়ন লোকে অসুৰক্ষিত অনাময় ব্যৱস্থাৰে বাস কৰি আছে৷ ইয়াৰ ফলত স্বাস্থ্যৰ বাবে বিপজ্জনক হোৱাৰ লগতে পৰিৱেশলৈও ভাবুকি কঢ়িয়াই আনিছে৷ সেয়েহে সকলো দেশৰ প্ৰতি সচিব প্ৰধানজনে অনাময়ৰ সুবিধা উন্নত কৰি সকলোৰে কাৰণে শৌচালয় নিশ্চিত কৰিবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here