অধিক চিন্তাৰ পৰা কেনেকৈ ৰেহাই পাব?

0
1238


Anxiety হৈছে চিন্তা, ভয় আদিৰ এক ক্ৰিয়া, যিটো প্ৰায়ে আমাৰ ইণ্টাৰভিউলৈ গ’লে, প্ৰেজেনটেশ্যন থাকিলে, স্কুলৰ প্ৰথম দিন, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত দেখিবলৈ পোৱা যায়৷ প্ৰত্যেক মানুহৰে এই অভিজ্ঞতা নথকা নহয়৷ যেতিয়া আমি বহুত বেছি চিন্তা কৰোঁ, ই আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়৷ কাৰণ আমাৰ সকলোৰে অভিজ্ঞতা আছে যে যেতিয়া আমাৰ অধিক চিন্তা হয় আমাৰ খাবৰ মন নাযায়, টোপনি কম হয়, একো কামত মন নবহে৷ গতিকে এনেকৈ অধিক চিন্তা কৰাৰ ফলত ই পাছলৈ গৈ ডাঙৰ সমস্যাৰূপে পৰিগণিত হ’ব পাৰে৷ ইয়াৰ উপৰি দেখিবলৈ পোৱা যায় যে যেতিয়া আমাৰ অধিক চিন্তা, স্ত্ৰেচ আদি হয়, আমি নিজকে শান্ত কৰিবলৈ যিকোনো নাখাবলগীয়া খাদ্য খাই দিওঁ৷

কিন্তু আচলতে কেনেকুৱা ধৰণৰ খাদ্য খালে আমাৰ স্নায়ু শান্ত হৈ স্ত্ৰেচমুক্ত হ’ব পাৰি জানো আহক–
(১) ভিটামিন-চিযুক্ত খাদ্যসমূহে স্ত্ৰেচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ভিটামিন-চিযুক্ত খাদ্যই আমাৰ শৰীৰৰ স্ত্ৰেচ হৰমন কৰ্টিচেলৰ পৰিমাণ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰি শৰীৰ আৰু মন স্ত্ৰেচমুক্ত কৰাত সহায় কৰে৷


(২) হালধিত থকা বায়’এক্টিভ উপাদান কাৰ্কিউমিনে এনজাইটি, ডিপ্ৰেশ্যন দূৰ কৰাত আগভাগ লয়৷ এই কাৰ্কিউমিনে চেৰ’টনিন আৰু ডপেমাইনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে৷ যাক হেপ্পী হৰমন বুলিও কোৱা হয়৷


(৩) ওমেগা-৩ ফেটছে অক্সিডিটিভ স্ত্ৰেচ নিৰ্মূল কৰে লগতে মগজুৰ কাৰ্যকলাপৰ উন্নতি সাধন কৰি এনজাইটি নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ফেটি ফিচ, বাদাম আদিত প্ৰচুৰ পৰিমাণে ওমেগা-৩ থাকে৷


(৪) চাহপাতে বিশেষকৈ হ্ৰীন টীয়ে আমাৰ শৰীৰৰ স্নায়ুসমূহক শান্ত কৰাত অৰিহণা যোগায়৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ কেম’মাইল ফুলৰ পাতেৰে তৈয়াৰী চাহক বিশেষকৈ মন শান্ত কৰা আৰু ভাল টোপনি অহাৰ বাবে ব্যৱহাৰ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here