অত্যন্ত মূৰৰ বিষত লওক এইকেইটা টিপ্‌ছ || Tips for extreme headaches

0
343
মূৰৰ বিষ– প্ৰত্যেক মানুহৰে হোৱা এটা সাধাৰণ সমস্যা৷ পিছে এই মূৰৰ বিষে কেতিয়াবা এনে অৱস্থা পায় যে ইয়াক সহ্য কৰা একেবাৰে কঠিন হৈ পৰে৷ মূৰৰ বিষ উঠিলে সাধাৰণতে আমি বাম লগাওঁ৷ কিন্তু মূৰৰ বিষ উঠাৰ সময়ত যদি আপোনাৰ ওচৰত বাম নাথাকে, তেন্তে কি কৰিব?
Get headaches? Here's five things to eat or avoid

(১) এটা পাত্ৰত লং গৰম কৰি লৈ সেইখিনি এখন পাতল ৰুমালত বান্ধি শুঙিলে মূৰৰ বিষ ভাল হয়৷
(২) আদা দুচকল মুখত দিলেও মূৰৰ বিষ কমে৷
(৩) কেতিয়াবা বদহজমৰ কাৰণেও মূৰ বিষায়৷ এনে সময়ত অলপ পানী গৰম কৰি খালে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
(৪) বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজত কিছু সময় চেপি ধৰিলে ই যথেষ্ট পৰিমাণে সকাহ দিয়াব পাৰে৷
(৫) ঠাণ্ডা বা গৰম চাপ কপালত দিলেও মূৰৰ বিষ কমে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here