অত্যধিক বাদাম সেৱনেও কৰিব পাৰে স্বাস্থ্যৰ ক্ষতি

0
994
Dry Fruit সমূহৰ মাজত বাদামৰ এটা সুকীয়া স্থান আছে৷ বহুতো বিশেষজ্ঞই হৃদৰোগৰ সমস্যাৰ পৰা আৰম্ভ কৰি কেঞ্চাৰলৈকে বহুতো বেমাৰৰ বাবে বাদাম খাবলৈ পৰামৰ্শ দিয়ে৷ এক গৱেষণা মতে প্ৰতিদিনে বাদাম খালে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৩০ শতাংশ কমি থাকে৷ একেদৰে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৫ শতাংশৰ লগতে অকাল মৃত্যুৰ সম্ভাৱনা ২২ শতাংশ কমে৷ বাদামৰ এইবোৰ উপকাৰিতাৰ উপৰি কিছু ক্ষতিকাৰক দিশো আছে৷ যি কাৰণত বাদাম খোৱাৰ পৰা দূৰত থকাৰ পৰামৰ্শ দিছে একাংশ বিশেষজ্ঞই৷ কি এনে সমস্যা হ’ব পাৰে জানো আহক–

(১) যিসকলৰ হজমৰ সমস্যা আছে, তেওঁলোকে সামান্য মাত্ৰাতহে বাদাম খোৱা উচিত৷


(২) আমাৰ শৰীৰৰ বাবে এদিনত প্ৰায় ২৫-৪০ গ্ৰাম ফাইবাৰৰ প্ৰয়োজন৷ আপুনি যদি ৩-৪টা বাদাম খায়, তেনেহ’লে আপোনাৰ শৰীৰক প্ৰয়োজন হোৱা ফাইবাৰখিনি পায়৷ তাতকৈ যদি বেছি পৰিমাণৰ বাদাম খোৱা যায়, তেতিয়াহ’লে পেটৰ সমস্যা, কোষ্ঠকাঠিন্য আদিৰ দৰে উপসৰ্গই দেখা দিব পাৰে৷


(৩) যদি আপুনি ঔষধ সেৱন কৰি থাকে, তেতিয়াহ’লে বাদাম খোৱাৰ ওপৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে৷ আচলতে বাদামত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে৷ ৩-৪টা বাদামত ০.৬ মিলিগ্ৰাম মেগনেচিয়াম থাকে৷ প্ৰতিদিনে আপোনৰ শৰীৰক ১.৮ৰ পৰা ২.৩ মিলিগ্ৰাম মেগনেচিয়ামৰ প্ৰয়োজন৷ আপুনি যদি তাৰ বেছি পৰিমাণৰ বাদাম খায়, তেন্তে ঔষধত প্ৰভাৱ পৰিব পাৰে৷ তেজত বেছি পৰিমাণৰ মেগনেচিয়াম থাকিলে এণ্টিঅক্সিডেণ্ট, লাক্সেটিভ, ৰক্তচাপ আৰু বহুতো এণ্টিবায়’টিক, এণ্টিচাইকোটিক ঔষধত প্ৰভাৱ পৰিব পাৰে৷


(৪) বাদাম সাধাৰণতে ভিটামিন-E-ৰে ভৰপূৰ৷ অত্যধিক বাদাম খালে শৰীৰত ভিটামিনৰ অভাৰডোজ হ’ব পাৰে৷ দৈনিক ৪-৫টাৰ অধিক বাদাম খালে শৰীৰৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে৷


(৫) ওজন কমোৱাত বাদামে সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলৰি আৰু ফেট থাকে৷ ৩-৪টা বাদামত ১৬৮ কেলৰি আৰু ১৪ গ্ৰাম ফেট থাকে৷ যদি আপুনি প্ৰতিদিনে এমুঠি বাদাম খায়, তেনেহ’লে প্ৰায় ৫০০ৰ বেছি কেলৰি আৰু ৪০-৫০ গ্ৰাম ফেট সেৱন কৰা হ’ব৷৷ সেয়ে যদি আপুনি শৰীৰৰ ওজন কমাব বিচাৰে, কম মাত্ৰাত বাদাম খাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here