অত্যধিক পানী সেৱনেও মাতিব পাৰে বিপদ

0
1765

‘পানীয়েই প্ৰাণীৰ প্ৰাণ’ বুলি এষাৰ কথা আছে৷ পানী অবিহনে জীৱজগতৰ কোনেও জীয়াই থাকিব নোৱাৰে৷ পানী অবিহনে এই পৃথিৱীত জীয়াই থকাটো অসম্ভৱ৷ ইয়াৰ মাজতে গৱেষকসকলে কৈছে যে অতিৰিক্ত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ অতিৰিক্ত পানী খোৱাৰ ফলত শৰীৰৰ খাদ্য-শৃংখলত বাধাপ্ৰাপ্ত হ’ব পাৰে৷ ফলত শৰীৰৰ নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ অতিৰিক্ত পানী খালে কিডনীৰ ওপৰত চাপ বৃদ্ধি হয়, ফলত কিডনীৰ কৰ্মক্ষমতা কমি যায়৷ বেছি পানী খালে শৰীৰৰ আদ্ৰৰ্তা বাঢ়ি যায়৷ যাৰ ফলত হৃদযন্ত্ৰৰ ভাৰসাম্য নষ্ট কৰে৷ তেজৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত হৃদপিণ্ড আৰু ৰক্তনলীৰ ওপৰত চাপ পৰে৷ অত্যধিক পৰিমাণে পানী খালে অস্বাভাৱিকভাৱে প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ি যায়৷ যাৰ ফলত প্ৰস্ৰাৱৰ লগত শৰীৰৰ বিভিন্ন প্ৰয়োজনীয় খনিজ উপাদান বাহিৰলৈ ওলাই যায়৷ শৰীৰৰ পানীৰ পৰিমাণ বেছি হ’লে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত চাপ পৰে৷ ফলত মূৰৰ বিষ, বমি ভাব, মাংসপেশীৰ বিষ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here