অত্যধিক আনাৰস সেৱনে আনিব পাৰে বিপদ

0
1581

ৰসাল সুমিষ্ট ফলৰ ভিতৰত আনাৰস অন্যতম৷ আনাৰসৰ টেঙা-মিঠা সোৱাদ সকলোৰে প্ৰিয়৷ গৰমকালি পকি থকা আনাৰস এটা দেখিলে জিভাৰ পানী নপৰা মানুহ যেন নায়েই৷ গুণগতমানৰ পৰাও ইয়াক ফলৰ ৰজা বুলিব পাৰি৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু অন্য পোষক তত্ত্ব পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী৷ আনাৰসৰ জুচ শৰীৰৰ কাৰণে অতি লাভদায়ক৷ মেটাবলিজম আৰু ইমিউনিটি ধৰি ৰখাটো ই সহায় কৰে৷ 

কিন্তু আপুনি জানেনে ইয়াৰ অতিমাত্ৰা সেৱনেও অপকাৰ সাধন কৰিব পাৰে৷

(১) আনাৰসত শৰ্কৰাৰ পৰিমাণ অধিক হোৱা হেতুকে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷
(২) অতিমাত্ৰা আনাৰস খালে দাঁতৰ দন্তবল্ক কোমল হৈ যায়, যাৰ ফলত দাঁত সৰা, দাঁতৰ সিৰসিৰণিৰ সমস্যা হ’ব পাৰে৷
(৩) আনাৰসত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, সেয়েহে অতিমাত্ৰা আনাৰস সেৱন কৰিলে ডায়েৰিয়া, বমি, পেটৰ বিষ, বুকু জ্বলা-পোৰা আদি হ’ব পাৰে৷
(৪) গৰ্ভৱতী মহিলাই অত্যধিক সেৱন কৰিলে গৰ্ভাশয় সংকোচন হয়, যাৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে৷
(৫) বহুত লোকৰ আনাৰস খোৱাৰ বাবে এলাৰ্জি হোৱা দেখা যায়৷ অতিমাত্ৰা আনাৰস খালে ওঁঠ, জিভা, গ’ল আদিৰ খজুৱতি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here