অতিমাৰী আৰু জলবায়ুৰ সংকটক লৈ কি ক’লে গুটাৰেছে ? (What did Guterres say about the pandemic and climate change?)

0
522
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৬ সংখ্যক বাৰ্ষিক অধিৱেশন আজি আৰম্ভ হয়৷ দুবছৰৰ পাছত প্ৰথমবাৰৰ বাবে বিশ্ব নেতৃবৰ্গ অধিৱেশনত যোগ দিবলৈ নিউয়ৰ্কত উপস্থিত হৈছেহি৷ ক’ভিড-১৯ৰ অতিমাৰীৰ কাৰণে আগৰ অধিৱেশন ভাৰ্চুৱেলী হৈছিল৷ এইবাৰ শতাধিক বিশ্বনেতাই সোঁ-শৰীৰে অধিৱেশনত অংশগ্ৰহণ কৰিছে৷ অধিৱেশনত ক’ভিড-১৯ অতিমাৰী আৰু পৃথিৱীৰ উষ্ণতা বৃদ্ধিকে ধৰি বহু সংকটৰ বিষয়ে আলোচনা কৰা হ’ব৷ আজি বিশ্ব নেতৃবৰ্গক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছে কয় যে বিশ্বখন ইয়াৰ আগতে কেতিয়াও ইমান বেছি ভাবুকিৰ সন্মুখীন হোৱা নাছিল বা ইমান বেছি বিভক্ত হোৱা নাছিল আৰু বিশ্বখন সংকটৰ ‘বৃহত্তম জোৱাৰ’ৰ সন্মুখীন হৈছে৷ তেওঁ ক’ভিড অতিমাৰী আৰু জলবায়ুৰ সংকট আৰু লগতে আফগানিস্তানৰ ঘটনাৱলী সম্পৰ্কত নেতৃবৰ্গক সকীয়াই দিয়ে৷ অধিৱেশনৰ সাধাৰণ বিতৰ্কৰ উদ্বোধনী অনুষ্ঠানত তেওঁ ভাষণ দিছিল৷ অধিৱেশনত প্ৰথমটো ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ঘোষণা কৰে যে বিশ্বখন ‘ইতিহাসৰ এটা তিৰ্যক অৱস্থাত’ (ইনফ্লেকশ্যন পইণ্ট) উপনীত হৈছে আৰু ক’ভিড-১৯ অতিমাৰী, জলবায়ুৰ পৰিৱৰ্তন আৰু মানৱ অধিকাৰ উলংঘনৰ সংকট দ্ৰুতভাৱে আৰু সহযোগিতাৰে আগুৱাই যাব লাগিব৷ চীনৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে আমেৰিকাই এখন নতুন শীতল যুদ্ধ বিচৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here