অচিৰেই আহিব চাৰিটা কৰ’নাৰ ভেক্‌চিন

0
1985
সমগ্ৰ ভাৰতবৰ্ষতে কৰ’না ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে৷ প্ৰধানতঃ ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভেক্সিন আৰু ছিৰাম ইন্‌ষ্টিটিউট-এ প্ৰস্তুত কৰা কভিশ্বিল্ড নামৰ ভেকচিন দুবিধ প্ৰদান কৰি থকা হৈছে যদিও শেহতীয়াকৈ জনা মতে ভাৰতে অচিৰেই কভিডৰ আৰু চাৰিটা ভেক্‌চিন লাভ কৰাৰ সম্ভাৱনা আছে৷ নিটি আয়োগৰ সদস্য ডাঃ ভি কে পালে কয় যে ভাৰতে বায়’-ইৰ ভেক্‌চিন, জায়ডাছৰ ভেক্‌চিন, ভাৰত বায়’টেকৰ নেজেল ভেক্‌চিন আৰু জেনেভাৰ ভেক্‌চিন লাভ কৰাৰ সম্ভাৱনা আছে৷ লগতে চলিত বছৰৰ শেষলৈ দেশত ২০০ কোটি ড’জ ভেক্‌চিন উৎপাদন হ’ব বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে এই ভেক্‌চিনকেইটাৰ উৎপাদনৰ বাবে চৰকাৰে পুঁজিৰ যোগান ধৰিছে৷ তেওঁ লগতে কয় যে ভাৰতত প্ৰতিদিনে এক কোটি ড’জ ভেক্‌চিন দিয়াৰ লক্ষ্য লোৱা হৈছে৷ ইফালে কানাডাৰ কোম্পানী ছেনোটাইজে প্ৰস্তুত কৰা কৰ’নাৰ নেজেল ভেক্‌চিন অচিৰেই ভাৰতে লাভ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে জ্যেষ্ঠ নাগৰিক আৰু আনভাৱে সক্ষম লোকসকলক তেওঁলোকৰ ঘৰৰ ওচৰৰ ভেক্‌চিন কেন্দ্ৰত ভেক্‌চিন দিবলৈ কেন্দ্ৰই ৰাজ্যসমূহক নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here