অক্সিজেনৰ অভাৱ নে অপব্যয় ?

0
1137

কৰ’না সংক্ৰমিত ৰোগীৰ ঘৰত অক্সিজেন যোগান ধৰাৰ বাবে মানুহে অক্সিজেনৰ পৰিৱৰ্তে কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰজেন বা অন্য গেছৰ চিলিণ্ডাৰসমূহ ব্লেকত ক্ৰয় কৰি আছে আৰু এই গেছৰ চিলিণ্ডাৰসমূহ ৰং কৰি অক্সিজেনৰ চিলিণ্ডাৰ হিচাপে যোগানৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে৷

কভিডৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি অক্সিজেনৰ নাটনিয়ে সমগ্ৰ দেশত কালৰূপ ধাৰণ কৰিছে৷ দেশত প্ৰতিদিনে অক্সিজেনৰ অভাৱত কভিড আক্ৰান্ত ৰোগী মৃত্যুমুখত পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি অক্সিজেনৰ অপব্যয়ৰ ফলত বৰ্তমান দেশত অক্সিজেনৰ অভাৱ হ’বলৈ ধৰিছে৷ দৰাচলতে দিল্লীৰ লগতে কেইবাখনো চহৰত বেচৰকাৰী প্ৰতিষ্ঠানসমূহে 'হ’ম কেয়াৰৰ' সুবিধা প্ৰদান কৰি আহিছে৷ ইয়াৰ লগতে প্ৰতিষ্ঠানসমূহে ৰোগীক অক্সিজেনৰ সুবিধাও প্ৰদান কৰিছে৷ কিন্তু উক্ত ৰোগীসকলক অক্সিজেনৰ প্ৰয়োজন আছে নে নাই, এই কথাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই৷ যাৰ বাবে প্ৰায় ৮০খনমান জিলাত বৰ্তমান অক্সিজেনৰ অপচয়ৰ কথা পোহৰলৈ আহিছে৷ তথ্য অনুসৰি, এই সময়ছোৱাত দেশত প্ৰতিদিনে ৯ হাজাৰ লিটাৰ অক্সিজেন উৎপাদন হৈ আছে৷ যাৰ পৰা কেৱল ৭৫০০ লিটাৰ অক্সিজেনহে ৰাজ্যলৈ যোগান ধৰি আছে৷ ইয়াৰ পৰা অতিকমেও এদিনত ৭০০-৮০০ লিটাৰ অক্সিজেন অপব্যয় হোৱাৰ কথা অনুমান কৰা হৈছে৷ দিল্লীৰ এছ ডি এম ডাঃ নীতিন চাক্যই কয় যে বৰ্তমান অক্সিজেন পৰিবহণ ক’লা বজাৰত পৰিণত হৈছে, কিয়নো কৰ’না সংক্ৰমিত ৰোগীৰ ঘৰত অক্সিজেন যোগান ধৰাৰ বাবে মানুহে অক্সিজেনৰ পৰিৱৰ্তে কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰজেন বা অন্য গেছৰ চিলিণ্ডাৰসমূহ ব্লেকত ক্ৰয় কৰি আছে আৰু এই গেছৰ চিলিণ্ডাৰসমূহ ৰং কৰি অক্সিজেনৰ চিলিণ্ডাৰ হিচাপে যোগানৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে৷ গতিকে স্বাস্থ্য মন্ত্ৰ্যালয়ে এইক্ষেত্ৰত জনসাধাৰণক নাইট্ৰজেন বা অন্য গেছৰ চিলিণ্ডাৰসমূহৰ পৰা বাচি থাকিবলৈ আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here