অক্সিজেনৰ অভাৱত কৰ্ণাটকত ২৪জন কৰ’না ৰোগীৰ মৃত্যু

0
2553

যোৱা ২ মে’ৰ শেষ নিশা ১২-৩০ বজাৰ পৰা ২-৩০ বজালৈ চিকিৎসালয়খনত অক্সিজেনৰ যোগান বন্ধ হৈ পৰিছিল৷

দেশত কৰ’নাৰ দ্বিতীয় ঢৌত দিল্লীকে ধৰি দেশৰ প্ৰায়কেইখন ৰাজ্যৰে চিকিৎসালয়ত অক্সিজেনৰ অভাৱত দৈনিক শ শ কৰ’না ৰোগী মৃত্যুমুখত পৰিছে৷ কৰ্ণাটকৰ চামৰাজানগৰত যোৱা ৩ মে’ত জিলা চিকিৎসালয়ত প্ৰায় দুঘণ্টাৰ বাবে অক্সিজেনৰ যোগান বন্ধ হৈ পৰে৷ ইয়াৰ ফলত চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ২৪জন ৰোগীৰ মৃত্যু হয়৷ ইয়াৰে ২৩জন ৰোগী কৰ’নাত আক্ৰান্ত আছিল৷ চিকিৎসালয়ৰ বিষয়াসকলে এই কথা প্ৰকাশ কৰে৷ জিলাখনৰ দায়িত্বত থকা কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী এছ সুৰেশ কুমাৰে কয় যে তেওঁ এই সম্পৰ্কত জিলা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিছে৷ মন্ত্ৰীজনে লগতে কয় যে সকলো ৰোগীৰে অক্সিজেনৰ অভাৱত মৃত্যু হোৱা নাছিল৷ তেওঁৰ মতে যোৱা ৩ মে’ত চিকিৎসালয়খনত ২৪জন ৰোগীৰ মৃত্যু হৈছে৷ ইফালে সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি যোৱা ২ মে’ৰ শেষ নিশা ১২-৩০ বজাৰ পৰা ২-৩০ বজালৈ চিকিৎসালয়খনত অক্সিজেনৰ যোগান বন্ধ হৈ পৰিছিল৷ ইফালে কুমাৰে লগতে প্ৰকাশ কৰে যে চিকিৎসালয়খনত ৬ হাজাৰ লিটাৰ তৰল অক্সিজেন আছিল, কিন্তু চিলিণ্ডাৰৰ অভাৱ আছিল৷ মহীশূৰৰ পৰা চিলিণ্ডাৰ আহি পোৱাত পলম হোৱাৰ বাবে ৰোগীক অক্সিজেন যোগান ধৰিব পৰা নাছিল৷ ইফালে জিলাখনৰ উপায়ুক্তজনে প্ৰকাশ কৰা মতে, মৃত্যু হোৱা কেউজন ৰোগী ভেণ্টিলেটৰত আছিল৷ তেওঁ অৱশ্যে লগতে কয় যে ৰোগীকেইজন গুৰুতৰভাৱে অসুস্থ হৈ আছিল আৰু সেয়েহে অক্সিজেনৰ অভাৱত সকলোৰে মৃত্যু হোৱা বুলি ক’ব নোৱাৰি৷ ইফালে উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা পোৱা বাতৰি মতে, জিলাখনৰ নিউট্ৰিমা চিকিৎসালয়ত অক্সিজেন শেষ হোৱাৰ ফলত পাঁচজন ৰোগীৰ মৃত্যু হয়৷ মৃত্যু হোৱা ৰোগীকেইজনৰ পৰিয়ালৰ লোকে জনোৱা মতে যোৱা ২ মে’ৰ নিশা তেওঁলোকক অক্সিজেনৰ যোগাৰ কৰিবলৈ চিকিৎসালয় কতৃৰ্পক্ষৰ ফালৰ পৰা জনোৱা হৈছিল৷

আনহাতে ভাৰতত ২৪ ঘণ্টাত ৩,৬৮,১৪৭জন লোকৰ নতুনকৈ কৰ’নাৰ সংক্ৰমণ হয়৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৩৪৪৯জন লোকৰ মৃত্যু হয় কৰ’না ৰোগত আক্ৰান্ত হৈ৷ ভাৰতত মুঠ ১,৯৯,২৫,৬০৪জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ২,১৮,৯৫৯জন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here