অকালপক্বতা কেনেকৈ দূৰ কৰিব?

0
1545

চুলিৰ সমস্যাসমূহৰ ভিতৰত অকালপক্বতা প্ৰধান৷ বয়স বঢ়াৰ লগে লগে চুলি পকাটো এটা স্বাভাৱিক ঘটনা৷ কিন্তু আজিকালি কম বসয়ীয়া লোকৰ ক্ষেত্ৰতো চুলি পকা প্ৰায়ে দেখিবলৈ পোৱা যায়৷ চুলিত পৰ্যাপ্ত প্ৰ’টিনৰ অভাৱ হ’লে চুলি পকিবলৈ আৰম্ভ কৰে৷ পিগমেণ্ট কোষে চুলিৰ স্বাভাৱিক ৰং ধৰি ৰখাত সহায় কৰে, চুলিৰ পিগমেণ্ট কোষ মৰি গ’লে স্বাভাৱিক ৰং নাইকিয়া হয় আৰু পকিবলৈ ধৰে৷ অকালপক্বতাই এজন লোকৰ ব্যক্তিত্ব জীৱনতো প্ৰভাৱ পেলায়৷ কোনো উৎৱস-পাৰ্বণ, সমিতি, বিয়া-বাৰু আদিলৈ গ’লে চুলিত ৰং কৰিহে যাব লগাত পৰে৷ আকৌ, এনেদৰে ৰংবোৰত বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে বাবে ইয়ে চুলিকোছাৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ঘৰুৱাভাৱে কিছুমান বিধান মানিব পাৰোঁ৷

(১) আমলখিৰ ৰস : চুলিৰ সমস্যাৰ ক্ষেত্ৰত আমলখিৰ বিকল্প একো নাই৷ আমলখি হৈছে চুলিৰ বাবে মহৌষধ৷ এই প্ৰাকৃতিক উপাদানবিধৰ ৰস বা গুৰি কৰি চুলিৰ গুৰিত লগাব লাগে৷ আমলখিৰ ৰসৰ সৈতে নাৰিকল তেলৰ মিশ্ৰণ চুলিত লগাই বিশ মিনিটমান পাছত ধুই দিব লাগে৷ সপ্তাহত কমেও ৪-৫ দিনমান লগালে চুলি সৰা বন্ধ হোৱাৰ লগতে উফিৰ সমস্যা দূৰ হয়৷
(২) নেমুৰ ৰস : নেমুৰ ৰসৰ সৈতে নাৰিকল তেলৰ মিশ্ৰণ প্ৰতিদিনে চুলিৰ গুৰিত লগাই মালিচ কৰিব লাগে৷ ইয়াৰ ফলত চুলিৰ স্বাভাৱিক ৰং ঠিকে থাকে, চুলি পকা বন্ধ হয়৷
(৩) বাদাম তেল : সপ্তাহত ৩-৪ দিন বাদামৰ তেল চুলিত লগালে চুলি উজ্জ্বল, মসৃণ হোৱাৰ লগতে চুলি পকা বন্ধ হয়৷ বজাৰত বিভিন্ন ধৰণৰ বাদাম তেল পোৱা যায় যদিও চুলিৰ পক্ষে উপকাৰী তেলহে ব্যৱহাৰ কৰিব লাগে৷
(৪) পিঁয়াজৰ ৰস : চুলিৰ বিভিন্ন ধৰণৰ সমস্যাত সকলোতকৈ কাৰ্যকৰী উপাদানবিধ হ’ল পিঁয়াজৰ ৰস৷ এটা পাত্ৰত পিঁয়াজৰ ৰস উলিয়াই চুলিৰ গুৰিত লগাব লাগে৷ ২৫-৩০ মিনিটমান সময় ৰাখি পাছত ঠাণ্ডা পানীৰে ধুই দিব লাগে৷ এনে কৰিলে চুলি সৰা, চুলি পকাৰ উপৰি বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷
আনহাতে, পকা চুলিৰ সমস্যাৰ বাবে প্ৰতিদিনে ভিটামিন-বি, ভিটামিন-বি১২, ভিটামিন-চি, ফলিক এচিড আদি বিশিষ্ট খাদ্য অকালপক্বতাৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here