বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুতগতিত উত্থান ঘটিছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আকাশত বিমান উৰুওকাকে ধৰি বাতৰি পৰিৱেশনৰ বাবে এংকৰিং কৰা, মানুহৰ দৰে উশাহ ল’ব পৰা ৰবট আৱিষ্কাৰৰ ফচল হ’ল কৃত্ৰিম বুদ্ধিমত্তা৷ বিজ্ঞানীসকলে ধাৰণা কৰিছে যে অহা পাঁচ বছৰত মানুহৰ বুদ্ধিমত্তাক চেৰ পেলাব কৃত্ৰিম বুদ্ধিমত্তাই৷ সেয়ে এই সময়ত সদ্ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি গৈছে এলন মাস্কে৷ শেহতীয়াভাৱে এলন মাস্কে মুকলি কৰে এক্স আই এ নামৰ প্ৰতিষ্ঠানটো৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত খলকনিৰ সৃষ্টি কৰা অ’পেন এ আইৰ চাট জি পি টি নামৰ চাট ব’টক প্ৰত্যাহবান জনাব এই এক্স এ আই-এ৷ এক্স এ আই সন্দৰ্ভত এলন মাস্কে কয় যে অহা পাঁচ বছৰৰ ভিতৰত মানুহৰ বুদ্ধিমত্তাক চেৰ পেলাব কৃত্ৰিম বুদ্ধিমত্তাই৷ সেয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিক মানৱ সমাজৰ স্বাৰ্থত ব্যৱহাৰৰ অৰ্থে এই প্ৰতিষ্ঠানটো জন্ম দিয়ে৷ উল্লেখ্য যে এলন মাস্কে কৃত্ৰিম বুদ্ধিমত্তাৰ এনে আকস্মিক উত্থানৰ পূৰ্বৰে পৰা শংকিত আছিল৷ জানিব পৰা মতে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে নতুনকৈ সংযুক্ত এক্স এ আই প্ৰতিষ্ঠানটোৰ সৈতে জড়িতসকল পূৰ্বতে কেইবাটাও প্ৰখ্যাত প্ৰতিষ্ঠানত নিয়োজিত আছিল৷ আনহাতে এলন মাস্কে সদৰী কৰা মতে টুইটাৰ, টেছলা আৰু মাস্কৰ অন্য প্ৰতিষ্ঠানৰ সৈতে একেলগে কাম কৰি যাব এক্স এ আই-এ৷