এইবাৰ ভাৰতকে ধৰি দক্ষিণ পূব আৰু দক্ষিণ পূব এছিয়া প্ৰবল গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপত পৰাৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে সমগ্ৰ উত্তৰ ভাৰতত গ্ৰীষ্মৰ প্ৰকোপ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ লগতে প্ৰচণ্ড গৰমৰ লগতে এই অঞ্চলবোৰ খৰাঙৰ কবলত পৰাৰো আশংকা প্ৰকাশ কৰিছে৷ বিশ্ব বতৰ বিজ্ঞান সংগঠন চমুকৈ ডব্লিউ এম অ’ই এই কথা প্ৰকাশ কৰিছে৷ ডব্লিউ এম অ’ৰ মতে এই বছৰ এল নিনোৰ প্ৰভাৱৰ কাৰণে গৰমৰ প্ৰকোপ বৃদ্ধি পাব৷ ইয়াৰ লগতে বৰষুণত ওপৰতো বিৰূপ প্ৰভাৱ পৰি বৰষুণৰ পৰিমাণ কম হ’ব৷ আনহাতে সংগঠনটোৱে বৰ্ষা কালৰ দ্বিতীয় ভাগো প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে৷ ডব্লিউ এম অ’ৰ মতে এল নিনোৰ প্ৰভাৱ মে’ মাহৰ পৰা আৰম্ভ হ’ব৷ ই দক্ষিণ পশ্চিম মৌচুমী বায়ুত প্ৰভাৱ বিস্তাৰ কৰিব৷ আনহাতে সমগ্ৰ ভাৰতৰ কৃষি ব্যৱস্থা দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল৷ গতিকে কৃষিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিলে কৃষিখণ্ডত বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে৷ ডব্লিউ এম অ’ৰ জানোৱা মতে ভাৰতত অধিকাংশ অঞ্চলতে বৰ্তমান প্ৰচণ্ড গৰম পৰিবলৈ ধৰিছে৷ ইয়াৰ প্ৰভাৱ খেতি-বাতিৰ লগতে মানুহৰ স্বাস্থ্যৰ ওপৰতো পৰিব বুলি শংকা ব্যক্ত কৰিছে সংগঠনটোৱে৷