অনাগত মাহবোৰত সমগ্ৰ বিশ্বত বতৰে ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ বতৰ এজেঞ্চি বিশ্ব বতৰ বিজ্ঞান সংগঠন চমুকৈ ডব্লিউ এম অ’ই এই সতৰ্কবাণী শুনাইছে৷ অনাগত দিনবোৰত বতৰে ভয়াৱহ ৰূপ লোৱাৰ লগতে তাপমাত্ৰায়ো অভিলেখ সৃষ্টি কৰিব পাৰে বুলি ডব্লিউ এম অ’ই সমগ্ৰ বিশ্বৰে চৰকাৰসমূহক সতৰ্ক কৰি দিছে৷ সংগঠনটোৱে এল নিনোৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কবাণী শুনাইছে৷ বিশ্ব সংগঠনটোৱে ভাৰতকে ধৰি এছিয়াৰ দেশসমূহৰ কাৰণেও ভয়াৱহ সতৰ্কবাণী দিছে৷ সংগঠনটোৱে কয় যে বৃহৎ হাৰত ধান উৎপাদন কৰা ভাৰতত এল নিনোৱে বৰষুণৰ পৰিমাণ হ্ৰাস কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলত খাদ্য শস্য উৎপাদনত বিৰূপ প্ৰভাৱ পৰিব৷ আনহাতে এল নিনেৱে সমগ্ৰ বিশ্বৰে বতৰত গুৰুতৰ প্ৰভাৱ পেলাব৷ ডব্লিউ এম অ’ৰ সচিব প্ৰধান পেট্টৰী টলাছে কয় যে এল নিনোৰ প্ৰভাৱ আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা অধ্যধিক বৃদ্ধি পোৱা আৰু পূৰ্বৰ সকলো অভিলেখ ভংগৰ আশংকা কৰা হৈছে৷ ইয়াৰ ফলত বিশ্বৰ বিভিন্ন স্থানত গৰম বতাহ বলিব আৰু সাগৰতো অত্যন্ত উষ্ম বতাহ বলাৰ আশংকা আছে৷ টলাছে লগতে কয় যে এল নিনোৰ প্ৰভাৱৰ ফলত চলিত বছৰৰ লগতে অহা বছৰতো গৰমৰ সকলো অভিলেখ ভংগ হ’ব৷ ইয়াৰ প্ৰভাৱৰ ফলত লেটিন আমেৰিকাৰ এটা অংশ, আমেৰিকাৰ দক্ষিণ অংশ, আফ্ৰিকা আৰু মধ্য এছিয়াৰ কিছুমান অঞ্চলত বৰষুণৰ মাত্ৰা বৃদ্ধি পাব৷ ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, দক্ষিণ এছিয়া, মধ্য আমেৰিকা, উত্তৰ লেটিন আমেৰিকাত খৰাঙে ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বত বতৰৰ বৃহৎ পৰিৱৰ্তনত ইন্ধন যোগাইছে আৰু পৃথিৱীৰ এটা অঞ্চলতে নহয়, বৰং সমগ্ৰ পৃথিৱীত উষ্ণতা সৰ্বকালৰ ভিতৰত সৰ্বোচ্চ মাত্ৰালৈ উঠিছে৷ সংগঠনটোৱে কয় যে ২০২৩ চনৰ বাকী থকা ছমাহতো এল নিনোৰ প্ৰভাৱ অব্যাহত থকাৰ ৯০ শতাংশ আশংকা আছে৷