আজিকালি বিভিন্ন বেমাৰ তথা শৰীৰ সুস্থ ৰাখিবলৈ মানুহৰ চেনি খাবলৈ বাদ দিয়ে৷ ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদি ৰোগ বহুলভাৱে বিস্তাৰিত হোৱাৰ ফলতে প্ৰায়ভাগ মানুহে মিঠা খাবলৈ এৰি দিছে৷ লক্ষ্য কৰিলে দেখিব প্ৰায় আশীভাগ মানুহে চেনি নাখায় বা কমকৈ খায়৷ চেনি খোৱা বাদ দিলেও ইয়াৰ বিকল্প হিচাপে বজাৰ, সোৱাদত মিঠা অথচ চেনি নাই এনেধৰণৰ পণ্য সম্ভাৰ উপলব্ধ হৈছে৷ কিন্তু এইবাৰ এনে খাদ্য সামগ্ৰী গ্ৰহণক লৈ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই সতৰ্ক কৰি দিছে৷ বজাৰত চেনিৰ বিকল্প হিচাপে পোৱা পণ্য সামগ্ৰী বিপজ্জনক বুলি জানিবলৈ দিছে সংস্থাটোৱে৷ WHO-ই যিমান দূৰ সম্ভৱ এইধৰণৰ পণ্য সামগ্ৰী এৰাই চলিবলৈ আহবান জনাইছে৷ সম্প্ৰতি চেনিহীন মিঠাই বিক্ৰীৰ সন্দৰ্ভতো WHO-ই নতুন নিৰ্দেশনা জাৰি কৰিছে৷ WHO-ই জনোৱা মতে চেনিহীন মিঠাই বোলা যি খাদ্য সামগ্ৰী বিক্ৰী কৰা হয়, সেইবোৰে খোৱাৰ ফলত শৰীৰৰ ওজন অত্যধিক বৃদ্ধি পায় লগতে এইবোৰ খোৱা একেবাবে অস্বাস্থ্যকৰো৷ এইবোৰত ছেকাৰিন, স্নাইক্লামেটছ, এছপাৰ্টেম, নিউটেম, গ্লুকজ, ছডিয়ামৰ দৰে উপাদান থাকে৷ WHO-ৰ মতে চেনিৰ বিকল্প হিচাপে চেনিহীন মিঠাই কিনি বহুতেই সেৱন কৰে৷ এইবোৰত কম কেলৰি পোৱা যায়, ওজন নিয়ন্ত্ৰণ কৰিব বুলি কোৱা হয় যদিও এইবোৰ খোৱাৰ ফলত দীৰ্ঘম্যাদী কোনো সুফল পোৱা দেখিবলৈ পোৱা নাযায়৷ বৰঞ্চ এইবোৰ খোৱাৰ ফলত অবাঞ্ছিত সমস্যাইহে দেখা দিব পাৰে৷ টাইপ-টু ডায়েবেটিছ, কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজ আদিৰ দৰে মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ উপৰি চেনিৰ বিকল্প এনেধৰণৰ খাদ্য গ্ৰহণ কৰাৰ ফলত অকাল মৃত্যু হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পায়৷ WHO-ৰ পুষ্টি তথা খাদ্য নিৰাপত্তা বিভাগৰ ডিৰেক্টৰ ফ্ৰান্সেছকো ব্ৰাংকে কৈছে যে চেনিৰ পৰিৱৰ্তে চেনিহীন মিঠাই বা খাদ্য খোৱাৰ ফলত দীৰ্ঘদিন ওজন নিয়ন্ত্ৰণত নাথাকে৷ অন্য উপায় যেনে যি প্ৰাকৃতিকভাৱে মিঠা খাদ্য সামগ্ৰী সেইবোৰ খালে সুফল পাব পাৰি৷ চেনিহীন মিঠাইৰ কোনো পুষ্টিগুণ নাথাকে৷ তেওঁ লগতে কয় যে এইবোৰ খাদ্য স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷