WHO-ৰ সতৰ্কবাণী ঃ বিশ্বসন্মুখীন হ’ব অতিমাৰী ডিজিজ এক্সৰ

0
186


বিশ্ববাসী আন এক ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ শেহতীয়াভাৱে বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাইছে যে সমগ্ৰ বিশ্বই ডিজিজ এক্স নামৰ এক ভয়ংকৰ অতিমাৰীৰ সন্মুখীন হ’ব৷ ইয়াৰ বাবে বিশ্বৰ সকলো দেশৰ নাগৰিককে এই মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ আহবান জনাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰববী টেড্ৰ’ছ আধানোম গেব্ৰিয়েছাছে এই ভয়াৱহ মহামাৰীৰ সৈতে সন্মুখীন হৈ মোকাবিলা কৰিবলৈ বিশ্বৰ সকলো শ্ৰেণীৰ লোককে ঐক্যবদ্ধভাৱে সুসংগঠিত হৈ এখন চুক্তি কৰিবলৈ আহবান জনাইছে৷ তেওঁ লগতে উল্লেখ কৰে যে আগন্তুক বৰ্ষৰ মে’ মাহৰ ভিতৰত বিশ্বৰ সকলো দেশেই এই ভয়াৱহ সম্ভাৱনাৰ বিষয়ে সহমত পোষণ কৰিব আৰু সন্মিলিতভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ চিন্তা-চৰ্চা কৰিব৷ হুৰ মুৰববীজনে লগতে প্ৰকাশ কৰে যে এই ভয়াৱহ ডিজিজ এক্সে কেনে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, সেই বিষয়ে আগতেই অনুমান কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেহে এই অতিমাৰী বিৰুদ্ধে ঐক্যবদ্ধভাৱে দিয়া যুঁজখনত সফল হ’ব পাৰিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ক’ভিড মহামাৰীয়ে গোটেই বিশ্বতে কি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া সকলোৰে বিদিত হোৱা বাবে ইয়াৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ভৱিষতে আহিবলগীয়া মহামাৰীৰ বিৰুদ্ধে আগতেই সতৰ্ক তথা সাৱধানতা অৱলম্বন কৰাটো উচিত কাম হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here