কৰ’নাৰ সংক্ৰমণৰ সময়ত টিকাকৰণ বন্ধ হৈ পৰাৰ ফলত এতিয়া বিশ্বত আন এক সংকটে দেখা দিছে৷ বিশ্বত সৰু আইৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই [ডব্লিউ এইচ অ’] এক সতৰ্কবাণী জাৰি কৰে৷ উল্লেখ্য যে মধ্য প্ৰদেশৰ মেহৰত অলপতে সৰু আইৰ সংক্ৰমণ হৈ দুটা শিশুৰ মৃত্যু হোৱাৰ লগতে আন ১৭টা শিশু সংক্ৰমিত হৈছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশেষজ্ঞসকলেও এই বুলি সতৰ্ক কৰি দিয়ে যে সৰু আইৰ সংক্ৰমণ হোৱা প্ৰতিজন ৰোগীৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখাৰ প্ৰয়োজন৷ বিশ্ব স্বাস্থ্য সংগঠনে এই বুলি আশংকা প্ৰকাশ কৰিছে যে সৰু আয়ে বিশ্বৰ বাবে এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ সতৰ্কবাণীত কোৱা হৈছে যে যদিহে সৰু আইৰ সংক্ৰমণ প্ৰতিৰোধৰ কাৰণে এতিয়াও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়া চলিত বছৰৰ শেষলৈ বিশ্বৰ আধাতকৈ অধিক দেশত ইয়াৰ সংক্ৰমণ বিয়পি পৰাৰ অত্যধিক আশংকা আছে৷ ডব্লিউ এইচ অ’ৰ মতে, বিশ্বৰ অধিকাংশতে সৰু আইৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ ইয়াক প্ৰধান কাৰণ হ’ল ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ত কেইবা বছৰ ইয়াৰ টিকাকৰণ বন্ধ হৈ থকাটো৷ কৰ’নাৰ সংক্ৰমণৰ সময়ত স্বাস্থ্য সেৱা প্ৰায় স্তব্ধ হৈ পৰিছিল আৰু সংক্ৰমণ হোৱা ৰোগৰ প্ৰতিষেধক দিয়াৰ কাম সময়মতে কৰা হোৱা নাছিল৷ বিশ্ব স্বাস্থ্য সংগঠনৰ এজন জ্যেষ্ঠ বিষয়াই ৰুবেলা আৰু সৰু আইৰ বিষয়ে জনাই কয়, ‘২০২৪ত আমাৰ টিকাকৰণ কাৰ্যসূচীত এক বৃহৎ ব্যৱধান আছে৷ যদিহে টিকাকৰণৰ জৰিয়তে শীঘ্ৰে এই ব্যৱধান নোহোৱা কৰা নহয় তেতিয়া ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব৷’ তেওঁ কয় যে আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্টল এণ্ড প্ৰিভেনশ্যনে ডব্লিউ এইচ অ’ৰ তথ্যৰ সৈতে প্ৰস্তুত কৰা তথ্যৰ পৰা জানিব পৰা মতে, চলিত বছৰৰ শেষলৈ বিশ্বৰ আধাতকৈ অধিক দেশত সৰু আইৰ প্ৰকোপ বৃদ্ধিৰ উচ্চ বা তাতকৈ অধিক আশংকা আছে৷ পৰিস্থিতিয়ে ২০১৯ৰ দৰে ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে বিষয়াজনে৷ বিশ্বত কেইবাবাৰো সৰু আইৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত মধ্যম আয়ৰ দেশবোৰৰ ক্ষতি হৈছে৷ ২০২৪এ যাতে ২০১৯ৰ ৰূপ নলয় তাক লৈহে আমি উদ্বিগ্ন৷’ চি ডি চি পিৰ মতে সৰু আই এবিধ অত্যন্ত সংক্ৰামক ৰোগ আৰু ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ অধিক সংক্ৰমণ হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বৰ্তমানে পোৱা টিকাৰ দুটা পালিয়ে ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে৷ টিকাকৰণৰ জৰিয়তে ২০০০ চনৰ পাছত এতিয়ালৈকে ৫ লাখতকৈ অধিক লোকৰ মৃত্যু ৰোধ কৰিব পৰা হৈছে৷ এই ৰোগৰ সংক্ৰমণৰ সময়ত ভিৰ হোৱা স্থানৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিয়া হৈছে৷