WHO-ৰ ধূম্ৰপায়ীসকলৰ বাবে চিকিৎসা নিয়মাৱলী জাৰি

0
57

ধূমপান সেৱনে অভ্যাসে মানৱ শৰীৰৰ বিস্তৰ ক্ষতি কৰে৷ শৰীৰৰ বিভিন্ন মাৰাত্মক ৰোগৰ চিকাৰ হ’বলগীয়া হয় ধূমপান সেৱনৰ ফলত৷ ধূমপান সেৱনৰ ফলত হ’বপৰা বিভিন্ন ক্ষতিকাৰক দিশবোৰ জানিও বহুতেই ধূমপান সেৱনৰ অভ্যাস পৰিত্যাগ কৰিব নোৱাৰে৷ যাৰ ফলত তেওঁলোকে মৃত্যুৰ মুখলৈ গতি কৰে৷ চৰকাৰ, বিভিন্ন সংগঠন, সংস্থা তথা প্ৰশাসনৰ ফালৰ পৰাও সময়ে সময়ে সতৰ্কবাণী তথা এই কুঅভ্যাস নিৰাময়ৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হয় যদিও কাৰ্যতঃ অসাৰ প্ৰতিপন্ন হৈ আহিছে৷ তথ্য মতে সমগ্ৰ বিশ্বত ৭৫ কোটি ধূম্ৰপায়ী লোক আছে৷ এইবাৰ এইসকল ধূম্ৰপায়ী লোকৰ ধূমপান সেৱনৰ ত্যাগৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ পোন প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ধূমপান সেৱনকাৰীৰ বাবে চিকিৎসা নিয়মাৱলী জাৰি কৰিছে৷ এই চিকিৎসা নিয়মাৱলীত ধ্যানৰ লগতে ব্যাৱহাৰিক সমৰ্থনক অধিক গুৰুত্ব দিয়া হৈছে৷ চিগাৰেট, ধোঁৱাবিহীন ধঁপাত, গুটখা, ছিগাৰ, গৰম ধঁপাত সামগ্ৰী, ৱাটাৰপাইপ আদি ব্যৱহাৰ কৰা লোকসকলক এই নিচাসক্তৰ পৰা মুক্ত কৰাৰ বাবে চিকিৎসকে বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও সফল হ’ব পৰা নাই৷ সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধঁপাতজাতীয় সামগ্ৰী পৰিত্যাগৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে৷ স্বাস্থ্য সংস্থাই ভেৰেনিক্লিম, নিকটিন ৰিপ্লেচমেণ্ট থেৰাপী, বুু্‌প্ৰপিয়ন আৰু কিষ্টিচিনৰ দৰে চিকিৎসা পদ্ধতিত অনুমোদন জনাইছে৷ যাৰ জৰিয়তে ধঁপাত সেৱনৰ দৰে কুঅভ্যাস সহজে এৰুৱাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰিছে৷ উল্লেখনীয় যে ধঁপাত সেৱনকাৰীসকলে দীৰ্ঘদিন ধৰি ধঁপাত সেৱন কৰি থাকিলে ধঁপাত সেৱন বন্ধ কৰাটো অসম্ভৱ হৈ পৰে৷ আনহাতে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিয়ালৰ আন সদস্যসকলৰ মাজতো পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এই পদক্ষেপে নিশ্চয় এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here