বিশ্ব স্বাস্থ্য সংস্থা বা ‘হু’ই সদৰী কৰা অনুসৰি দূষিত তথা অনিৰাপদ খাদ্য খোৱাৰ বাবে প্ৰতিদিনে সমগ্ৰ বিশ্বত লাখ লাখ মানুহ অসুস্থ হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক চাইমা ৱাজেদে মত প্ৰকাশ কৰি কয় যে অসুস্থ হোৱা লোকসকলৰ ভিতৰত প্ৰায় ৪০ শতাংশ পাঁচ বছৰৰ তলৰ শিশু৷ যিসকলৰ ইতিমধ্যে নিৰাপদ খাদ্য খোৱাৰ বাবে পুষ্টিহীনতা আৰু বিপদৰ আশংকা বৃদ্ধি পাইছে৷ ৱাজেদে লগতে জনায় যে অনিৰাপদ খাদ্য খোৱাৰ বাবে প্ৰতিদিনে বিশ্বত প্ৰায় ১৬ লাখ লোক অসুস্থ হয়৷ দূষিত খাদ্যৰ লগত উৎপাদকতা কমে৷ অসুস্থ হোৱাৰ বাবে ইয়াৰ ফলত চিকিৎসা ব্যয় বাঢ়ে বুলিও তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বৰ দূষিত বা অনিৰাপদ খাদ্য খোৱাৰ ক্ষেত্ৰত আফ্ৰিকাৰ পাছতে দক্ষিণ পূব এছিয়া অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে গ্ৰীষ্ম মণ্ডলীয় বায়ু বুলি ধাৰণা কৰা হৈছে৷ এনে জলবায়ুৰ কাৰণে কীট-পতংগ আৰু বিষাক্ত পদাৰ্থ বিয়পাত সহায় কৰে৷ যাৰ ফলত এই অঞ্চলৰ খাদ্যবস্তু সহজে দূষিত হয় আৰু অনিৰাপদ তথা খোৱাৰ অনুপযুক্ত হৈ পৰে৷ যিবোৰ খাদ্য গ্ৰহণ কৰাৰ ফলত বিভিন্ন ৰোগৰ চিকাৰ হ’বলগীয়া হয়, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত ইয়াৰ কুফল ভোগ কৰে৷