UNICEF-ৰ প্ৰতিবেদনত ভাৰতত শিশুৰ পুষ্টিহীনতাৰ উদ্বেগজনক তথ্য

0
68

অলপতে প্ৰকাশিত ইউনিচেফৰ এক প্ৰতিবেদনত সমগ্ৰ বিশ্বত শিশুসকলৰ খাদ্য দৰিদ্ৰতাৰ অৱস্থাৰ উদ্বেগজনক পৰিক্ৰমা দাঙি ধৰা হৈছে৷ চাইল্ড ফুড পভাৰ্টি ঃ নিউট্ৰিশ্যন ডিপ্ৰাইভেশ্যন ইন আৰ্লি চাইল্ডহুড শীৰ্ষক প্ৰতিবেদনখনৰ মতে সমগ্ৰ বিশ্বত চাৰিটা শিশুৰ ভিতৰত এটাই গুৰুতৰ খাদ্য দৰিদ্ৰতাত বাস কৰে৷ এনে শিশুৱে দিনে দুবেলা দুসাঁজ আহাৰৰ ভিতৰত অসাঁজৰ জোখতকৈ কমহে পায়৷ খাদ্য সংকটত ভোগাৰ বাবে বিশ্বৰ ১৮.১০ কোটি শিশু গুৰুতৰ পুষ্টিহীনতা, বয়স অনুপাতে বৃদ্ধি নোহোৱা আৰু সামগ্ৰিক সুস্থ অৱস্থাত নথকা আদিৰ দৰে ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে দক্ষিণ এছিয়া আৰু ছাব ছাহাৰান আফ্ৰিকাৰ দৰে অঞ্চলবোৰত শিশুসকলৰ খাদ্য সংকটৰ সমস্যা গুৰুতৰ৷ আনহাতে সমগ্ৰ বিশ্বৰ ১৮.১০ কোটি শিশুৰ ভিতৰত ৬৫ শতাংশ ভাৰত, আফগানিস্তান, গিনি, বুৰ্কিনা ফাচো, ইথিওপিয়াকে ধৰি মাত্ৰ ২০খন দেশৰ শিশু আছে৷ প্ৰতিবেদনখনত শিশুৰ খাদ্য সংকটত অন্তৰ্ভুক্তিৰ বাবে বিশ্বৰ দেশসমূহৰ ল’ মিডিয়াম আৰু হাই ৰিস্ক এই ভাগত বিভক্ত কৰা হৈছে৷ ভাৰত এই শ্ৰেণীৰ হাই ৰিস্ক ভাগত অন্তৰ্ভুক্ত হৈছে৷ গতিকে ইয়ালৈ লক্ষ্য কৰিছে বুজিব পাৰে যে দেশৰ শিশুসকল কিদৰে খাদ্য সংকটৰ সন্মুখীন হৈছে৷ চৰকাৰৰ ফালৰ পৰা যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও আৰু অধিক কাৰ্যব্যৱস্থা গ্ৰহণৰ আৱশ্যক আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here