Sun Stroke নহ’বলৈ কি ব্যৱস্থা ল’ব?

0
1791
Sun stroke বা Heat stroke– গৰমৰ দিনত হোৱা এটা সমস্যা৷ ছান ষ্ট্ৰ'ক বা হিট ষ্ট্ৰ'ক হৈছে যেতিয়া আমাৰ শৰীৰৰ তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পায়৷ বিশেষকৈ, প্ৰখৰ ৰ’দত একেথিৰে কাম কৰি থাকিলে, বন্ধ কোঠা বা পানী কমকৈ খালে শৰীৰৰ তাপ ওলাই আহিব নোৱাৰি Heat stroke ৷ এনে অৱস্থাত শৰীৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰীলৈ বৃদ্ধি পায়৷ এনে ক্ষেত্ৰত তৎক্ষণাৎ চিকিৎসাৰ প্ৰয়োজন৷ অন্যথা ৰোগীৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷

[১] হিট ষ্ট্ৰ’ক হ’লে ৰোগীক ঠাণ্ডা ঠাইত শুৱাই দিব লাগে৷
[২] বৰফ পানীৰে গা-মূৰ মচি দি যিমান পাৰি শৰীৰক বতাহ লগাৰ ব্যৱস্থা কৰিব লাগে৷
[৩] কাপোৰ এখন ভিজাই লৈ মূৰ, কপাল আদিত জলপটি দিব লাগে৷
[৪] ঠাণ্ডা পানীত ৰোগীক চেনি-নিমখ মিশ্ৰণ কৰি খুওৱাৰ চেষ্টা কৰিব লাগে৷
[৫] এনেধৰণে প্ৰাথমিক চিকিৎসা কৰি উঠি তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷


সাৱধানতা:-
[১] শৰীৰত পানীৰ পৰিমাণ কমিব দিব নালাগে৷ ইয়াৰ বাবে পৰ্যাপ্ত মাত্ৰাত পানী খাব লাগে৷

Coventry and Warwickshire weather: Sultry end of the week in prospect with temperatures rising to 28C - CoventryLive


[২] অত্যধিক গাত লিপিট খাই থকা কাপোৰ পিন্ধিব নালাগে৷

Obese fat boy overweight. Tight shirt of pajamas ⬇ Stock Photo, Image by © kwanchaichaiudom #154224682


[৩] ৰ’দত বেছি সময় থাকিব নালাগে৷

Page 2 - Hot Sweat Sun High Resolution Stock Photography and Images - Alamy


[৪] ৰ’দত পাৰ্ক কৰা গাড়ীত বেছি সময় বহি থাকিব নালাগে৷ কাৰণ ৰ’দত গাড়ী পাৰ্ক কৰাৰ ফলত গাড়ীৰ ভিতৰৰ তাপমাত্ৰা দহ মিনিটত ৬.৭ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পায়৷

Boy sitting in car looking out passanger window tword setting sun – Stockphoto


[৫] ৰ’দত ওলাই গ’লে ছাতি, ছানগ্লাছ, টুপী আদি ব্যৱহাৰ কৰিব লাগে৷

Five Ways to Protect Your Eyes from the Sun this Summer

এনেধৰণৰ সাৱধানতাসমূহ অৱলম্বন কৰি বিশেষকৈ গৰমৰ দিনকেইটাত ছান ষ্ট্ৰ’ক হোৱাৰ পৰা নিজকে লগতে আপোনজনকো ৰক্ষা কৰো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here