Junk Food-ৰ পৰা নিজকে কিদৰে দূৰত ৰাখিব? লওক এইকেইটা টিপছ

0
697


সকলো সময়তে আমি এনেকুৱা কিছুমান খাদ্য খাবলৈ ইচ্ছা কৰোঁ, যিবোৰ ৰেডিমেট হয় অথবা অধিক শৰ্কৰাযুক্ত হয়৷ যেতিয়াই আমাৰ ভোক লাগে তেতিয়াই আমাৰ মনটো জাংকফুডলৈ যায়, যিবোৰ খাবলৈ সোৱাদযুক্ত হয় ঠিকেই– কিন্তু শৰীৰৰ কাৰণে মুঠেও উপকাৰী নহয়৷

7 Scary Junk Food Side Effects - Eat This Not That

এইবোৰ খাদ্য খাবলৈ ইমানেই ভাল লাগে যে কেতিয়া প্ৰয়োজনতকৈ অধিক খোৱা হয় গমেই পোৱা নাযায়৷ ফলত শৰীৰৰ ওজন বৃদ্ধিকে ধৰি বহুতো সমস্যাই দেখা দিয়ে৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কেইটামান টিপছ, যাৰ দ্বাৰা আপুনি জাংকফুডৰ প্ৰৱণতাৰ পৰা দূৰত থাকিব পাৰিব৷


[১] ইয়াৰ পৰা দূৰত থকা উত্তম উপায়টো হৈছে ফাইবাৰযুক্ত তথা শস্যজাতীয় খাদ্য খোৱা৷ ফাইবাৰযুক্ত খাদ্যসমূহ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যসন্মতও হয়৷ এনেধৰণৰ খাদ্যসমূহে বহু দেৰিলৈ পেট ভৰ্তি কৰি ৰাখি unhealthy খাদ্যবোৰৰ পৰা আপোনাক দূৰত ৰাখিব পাৰে৷ ইয়াৰ বাবে খাওক বিন, মটৰ, চুপ, চালাড,dry fruits ইত্যাদি৷

5 High-fiber Food Groups You Must Know And Eat


[২] প্ৰচুৰ পৰিমাণৰ পানী সেৱনে আপোনাৰ শৰীৰটোক হাইড্ৰেট কৰি ৰখাৰ লগতে জাংকফুডৰ পৰাও আপোনাক আঁতৰত ৰাখিব পাৰে৷ পানীয়ে আপোনাৰ বহু দেৰিলৈ পেট ভৰ্তি হৈ থকাৰ অনুভৱ কৰায়৷ সেয়েহে যেতিয়াই আপোনাৰ জাংকফুড খাবলৈ মন যায়, তেতিয়াই খোৱাৰ ঠিক আগতে আপুনি এগিলাচ পানী খাই ল’লে অ’ভাৰ ইটিঙৰ পৰা বাচিব পাৰিব৷

Encourage Drinking Water - Esteem Dental Clinic


[৩] যেতিয়া আমাৰ স্ত্ৰেচ হয়, তেতিয়া আমাৰ শৰীৰত কৰ্টিছল হৰমন নিঃসৰণ হয়, যিয়ে আমাৰ খোৱাৰ প্ৰৱণতা বৃদ্ধি কৰে৷ সাধাৰণতে স্ত্ৰেচ হ’লে অজানিতে শৰ্কৰাজাতীয় খাদ্যসমূহ বেছিকৈ খোৱা যায়৷ সেয়েহে যোগ-প্ৰাণায়ামেৰে মনটোক সুস্থ কৰি স্ত্ৰেচ পৰা দূৰত থাকক৷

Meditation And Exercise May Help Avoid Flu This Winter: These Foods May Help Too


[8]
একেদৰে ঘৰত আমি প্ৰায়ে ৰেডিমেট-আনহেল্‌থি খাদ্যসমূহ সংৰক্ষণ কৰি ৰাখো, যাতে ভোক লাগিলে অতি সহজে এইবোৰ গ্ৰহণ কৰিব পাৰোঁ৷ সেয়েহে এই unhealthy খাদ্যসমূহৰ পৰিৱৰ্তে ঘৰত বাদাম, ফল, dry fruits আদি আনি থোৱাৰ অভ্যাস কৰিব লাগে৷ যাতে ভোক লাগিলে এইবোৰ খাদ্য খালে শৰীৰটোৰ কাৰণে লাভ হয়৷

Big Dry Fruit | Winni.in

LEAVE A REPLY

Please enter your comment!
Please enter your name here