iUKDৰ ৮১ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0
1

গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে জিৰ ৮১ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে ত্ৰিপুৰাৰ ধৰ্মপুৰত অনুূষ্ঠিত হৈ যায়৷ আই ইউ কে ডিৰ সহযোগ আৰু ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত ত্ৰিপুৰাৰ ধৰ্মনগৰৰ হে’ল্‌থ কিয়ৰ নাৰ্ছিংহোমত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷ ডাঃ নাথে বিগত কেইমাহমান ধৰি অসমৰ বিভিন্ন প্ৰান্তত আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰাৰ কথা উল্লেখ কৰে৷ তেখেতে ত্ৰিপুৰাৰ ধৰ্মনগৰত অনুষ্ঠিত হোৱা শিবিৰো ইয়াৰে এটা অংশ বুলিও জানিবলৈ দিয়ে৷ তাৰ বাবে ডাঃ নাথে ৰাইজৰ মৰম আৰু আশীৰ্বাদ কামনা কৰে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা বহুসংখ্যক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ এই শিবিৰত ডাঃ অৰূপ কুমাৰ নাথে ৰোগীসকলৰ চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখযোগ্য যে সোণাপুৰ থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰে সম্পাদন কৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here