ISRO-ৰ মহাকাশলৈ উৎক্ষেপণ আৰ্থ অবজাৰভেশ্যন ছেটেলাইট-৮

0
89

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৱে ১৫ আগষ্টত পৃথিৱী পৰ্যবেক্ষণৰ কাৰণে এটা ছেটেলাইট উৎক্ষেপণ কৰিব৷ এই ছেটেলাইটটোৰ নাম দিয়া হৈছে আৰ্থ অবজাৰভেশ্যন ছেটেলাইট-৮৷ ইতিমধ্যে ইছৰ’ৰ ফালৰ পৰা এই তথ্য জানিব পৰা গৈছে৷ আনহাতে এই EOS-8 স্মল ছেটেলাইট লঞ্চ ভেহিকল EOS-8 ৰ পৰা লঞ্চ কৰা হ’ব৷ সূত্ৰটোৰ পৰা পোৱা তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ লঞ্চ চেণ্টাৰৰ পৰা EOS-8 ছেটেলাইটো উৎক্ষেপণ কৰা হ’ব৷ ইছৰ’ই জনোৱা মতে EOS-8 মিছনৰ মূল উদ্দেশ্য হ’ল এটা মাইক্ৰ’ ছেটেলাইট ডিজাইন তথা নিৰ্মাণ কৰা৷ ইয়াৰ উপৰি এই ্‌মিছনৰ আন এটা উদ্দেশ্য হ’ল মাইক্ৰ’ছেটেলাইট বাচৰ সৈতে সামঞ্জস্যপূৰ্ণ পেলোড প্ৰস্তুত কৰা তথা ভৱিষ্যতৰ বাবে ছেটেলাইট প্ৰগ্ৰামৰ কাৰণে নতুন প্ৰযুক্তিৰ উন্নয়ন কৰা৷ প্ৰসংগক্ৰমে উল্লেখ্য যে EOS-8, IMS-ৰ মাইক্ৰ ছেটেলাইট বাচে নিৰ্মিত তথা তিনিটা পেলোড বহন কৰে৷ প্ৰথম পেলোড হ’ল ইলেক্ট্ৰ অপটিকেল ইনফ্ৰাৰেড পেলোড, দ্বিতীয়টো হ’ল গ্লবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম ৰিফ্লেকটোমেট্ৰি বা জি এম এছ এছ আৰ আৰু তৃতীয়টো হ’ল পেলোডটিৰ নাম SIC UV dosimeter৷ IOIR পেলোডটো ছবি তোলাৰ বাবে ডিজাইন কৰা হৈছে৷ এই পেলোড দীৰ্ঘ তথা মাঝাৰি ইনফ্ৰাৰেড তৰংগ দৈৰ্ঘ্য দিন তথা ৰাতিৰ ছবি কেপচাৰ কৰিব পাৰে৷ ইয়াৰ উপৰি GNSS-R পেলোড সমুদ্ৰপৃষ্ঠৰ বায়ু বিশ্লেষণ, মাটিৰ আৰ্দ্ৰতা মূল্যায়ন আৰু বন্যা চিনাক্ত কৰাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here