Hypothyroidism-ৰ সমস্যাতএইবোৰ খাদ্য এৰাই চলক

0
297


থাইৰয়েড বিশ্বজুৰি এক পৰিচিত ৰোগ৷ য’ত নেকি আপোনাৰ থাইৰয়েডৰ এই গুৰুত্বপূৰ্ণ হৰমনবোৰ খুব বেছি বা খুব কম উৎপাদন কৰে৷ থাইৰয়েডৰ হাইপাৰথাইৰয়েডিজম, থাইৰয়েডাইটিছ আৰু হাচিমোটোছ থাইৰয়েডাইটিছ আদি বিভিন্ন প্ৰকাৰৰ আছে৷ Hypothyroidism-ৰ ফলত মেটাবলিজমৰ গতি ধীৰ হৈ যায়, যিয়ে শৰীৰক প্ৰভাৱিত কৰে৷ Hypothyroidism-ৰ এটা বিপজ্জনক ৰোগ৷ যাক নিৰাময়ৰ বাবে আপোনাৰ জীৱনধাৰা তথা খাদ্যাভ্যাসৰ কিছু পৰিৱৰ্তন ঘটালেহে এই সমস্যৰ পৰা মুক্তি পাব পাৰিব৷ এই ভয়াৱহ সমস্যাৰ পৰা নিৰাময়ৰ বাবে এনে কিছু খাদ্য আছে, যি খোৱা একেবাৰে উচিত নহয়৷
ছয়াত ইষ্ট্ৰোজেন তথা ফ্লেভোনয়েড থাকে, যাক আইচোফ্লেভোন বোলা হয়৷ এই উপাদানে শৰীৰৰ থাইৰয়েড হৰমন ব্যৱহাৰ কৰাৰ ক্ষমতাক বাধাগ্ৰস্ত কৰিব পাৰে৷ সেয়ে Hypothyroidism-ৰ ক্ষেত্ৰত ছয়াজাতীয় খাদ্য এৰাই চলাই ভাল৷
সাধাৰণতে গয়ট্ৰোজেন খাদ্য হ’ল শাক-পাচলি, এইবোৰৰ ভিতৰত ব্ৰকলি, ফুলকবি, শালগোম, পালেংশাক আদি৷ গয়ট্ৰোজেন এনে এবিধ যৌগ, যিয়ে থাইৰয়েড গ্ৰন্থিৰ স্বাভাৱিক কাৰ্যকাৰিতাত হস্তক্ষেপ কৰে৷ সঠিক তথা পৰিমিতভাৱে বনাই এই খাদ্যবোৰ খাব পাৰে, যদিও নিয়মিত আৰু অত্যধিক খোৱা উচিত নহয়৷
আপুনি যদি থাইৰয়েডৰ ঔষধ সেৱনৰ সময়ত প্ৰথমে কফি খায়, তেনেহ’লে ই ঔষধৰ প্ৰভাৱক বাধা দিব পাৰে৷
ঠাণ্ডা পানীয়ে শৰীৰৰ থাইৰয়েড হৰমন শোষণ কৰাৰ ক্ষমতা তথা থাইৰয়েড হৰমনৰ উৎপাদনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷
চেনিয়ে গোটেই শৰীৰত অদৃশ্য প্ৰদাহৰ সৃষ্টি কৰে৷ এই প্ৰদাহে থাইৰয়েড ফাংচনৰ বাবে প্ৰয়োজনীয় T4 ৰূপান্তৰক বাধা প্ৰদান কৰে৷
আপুনি যদি থাইৰয়েডৰ সমস্যা ভুগিছে, তেন্তে আয়োডিনসমৃদ্ধ খাদ্যৰ পৰা দূৰ থকাই ভাল অথবা একেবাৰে সন্তুলিত মাত্ৰাতহে আয়োডিন গ্ৰহণ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here