উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনৰ প্ৰধান হাব হিচাপে চিহ্নিত হৈছে জি এম চি এইচ৷ বৰ্তমান জি এম চি এইচ সমগ্ৰ উত্তৰ-পূবৰ ৰোগীসকলৰ চিকিৎসাৰ একমাত্ৰ ভৰসা হৈ পৰিছে৷ দৈনিক ইয়ালৈ লাখ লাখ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিবলৈ আহে৷ অসংখ্য লোকৰ চিকিৎসাৰ মুখ্য কেন্দ্ৰ হোৱা বাবে ৰোগীৰ একাধিক অভাৱ-অভিযোগ থাকে৷ এই অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ উদ্দেশ্যে এতিয়াৰে পৰা জি এম চি এইচলৈ কিছু নতুনত্ব আনিবলৈ চেষ্টা কৰা হৈছে৷ চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি এতিয়াৰে পৰা চিকিৎসা গ্ৰহণ কৰা ৰোগীয়ে তথা আত্মীয়ই শাৰী পাতি কুপন লৈ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ল’ব নালাগে৷ কিয়নো ৰোগীৰ মোবাইলতে স্বাস্থ্য পৰীক্ষাৰ সমূহ ফলাফল উপলব্ধ হ’ব৷ ইতিমধ্যে এই সন্দৰ্ভত হস্পিটেল কৰ্তৃপক্ষই কয় যে জি এম চি এইচক নতুন ৰূপত ব্যক্তিগত চিকিৎসালয়ৰ দৰে সজাই-পৰাই তোলা হৈছে৷ শৃংখলাবদ্ধ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে এতিয়াৰ পৰা অনলাইন পদ্ধতিৰে নাম পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে৷ অনলাইন পদ্ধতিৰ জৰিয়তে আগতীয়াকৈ নাম পঞ্জীয়ন কৰাব পাৰিব৷ আনহাতে চিকিৎসা গ্ৰহণৰ বাবে ৰোগীক দিয়া হ’ব চিকিৎসা সেৱা সম্বন্ধীয় ফাইল৷ এই ফাইলত ৰোগীক দিয়া প্ৰেছক্ৰিপশ্যন, ৰোগীগৰাকীৰ পৰীক্ষাৰ ফলাফল, পঞ্জীয়ন নম্বৰ আদি থাকিব আৰু ইয়াৰ পৰাই চিকিৎসকে সকলো তথ্য লাভ কৰিব৷ এই ফাইলটো এমাহলৈ বৈধ হৈ থাকিব৷ আনহাতে চিকিৎসালয়খনৰ প্ৰতিটো বিভাগতে এতিয়াৰ পৰা ডিজিটেল টোকেনৰ ব্যৱস্থা কৰা হৈছে আৰু একোগৰাকী ৰোগীৰ সকলো তথ্য কম্পিউটাৰত আপল’ড কৰাৰ ব্যৱস্থা কৰা হৈছে৷ মুঠতে চিকিৎসালয়খনৰ বিৰুদ্ধে থকা একাধিক অভিযোগ নোহোৱা কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে৷