GMCH-ত ৬টা স্বাস্থ্য সেৱাপ্ৰকল্প জনগণৰ সেৱাত উৎসৰ্গিত

0
190


ৰাজ্যৰ স্বাস্থ্য সেৱাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ছটা নতুন স্বাস্থ্য সেৱা প্ৰকল্প জনসাধাৰণৰ বাবে উৎসৰ্গিত কৰে৷ উক্ত প্ৰকল্পকেইটা উদ্বোধন কৰি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বৰ্তমান ভাৰতবৰ্ষত চিকিৎসা খণ্ডত প্ৰযুক্তিগত দিশটো উপলব্ধ হৈছে বাবে চিকিৎসা সেৱাৰ সৈতে জড়িতসকলে তাৰ পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব৷ ৰাজ্য চৰকাৰে চিকিৎসা খণ্ডৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ছয় শতাংশ চিকিৎসা খণ্ডলৈ আবণ্টন দিয়া হৈছে৷ উল্লেখ্য যে জি এম চি এইচত ৰাষ্ট্ৰীয় জৰুৰীকালীন জীৱন সহায়ক দক্ষতা কেন্দ্ৰ, বহুমুখী গৱেষণা গোট, ৩১টা স্লাইচ চিটি স্কেন মেচিন, মলিকুলাৰ অংকোলজি পৰীক্ষাগাৰৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মলিকুলাৰ অংকোলজি পৰীক্ষাগাৰে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন সুবিধা উপলব্ধ কৰিব৷ উল্লেখ্য যে জি এম চি এইচত এম আৰ ইউ প্ৰকল্প, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বপ্ৰথম মলিকুলাৰ অংকোলজি লেব প্ৰকল্প, এন ই এল এছ, ৩২ স্লাইচ চিটি স্কেন মেচিন প্ৰকল্প, এম ই ডি-এম এছ ডিৰ শুভ উদ্বোধন কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পৰৱৰ্তী পৰ্যায়ত ব্যক্তি আৰু সংগঠনৰ সহযোগত ৰাজ্যৰ সৰু সৰু চহৰবোৰতো আই চি ইউৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিখন জিলাত আই চি ইউ প্ৰতিষ্ঠা কৰা এই প্ৰকল্প আৰু চিকিৎসা মহাবিদ্যালয়ত টেলি আই চি ইউ মুকলি কৰাটো এক উল্লেখযোগ্য দিশ বুলি তেওঁ লগতে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here