AC-ৰ পানী নষ্ট নকৰি এইবোৰ কামত ব্যৱহাৰ কৰক

0
187

গ্ৰীষ্মকালৰ উৎকট গৰমৰ পৰা সকাহ পাবলৈ তথা আদ্ৰৰ্তাৰ পৰা স্বস্তি পাবলৈ মানুহে এচি ব্যৱহাৰ কৰে৷ বছৰি তাপমাত্ৰা বৃদ্ধিৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাই গৈ আছে৷ এনে অৱস্থাত ঘৰৰ বাহিৰতো ওলাব নোৱাৰিয়েই বৰঞ্চ ঘৰৰ ভিতৰতো এচি অবিহনে থকাটো অস্বস্তিকৰ হৈ পৰিছে৷ এচি ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ পৰা প্ৰচুৰ মাত্ৰা পানী বাহিৰ হয়৷ যিমানেই ইয়াৰ ব্যৱহাৰ বাঢ়িব সিমানেই পানী ওলোৱাৰ পৰিমাণো বাঢ়ি যায়৷ আপুনি জানেনে এচিৰ পৰা বাহিৰ হোৱা পানীখিনি কিমান উপকাৰী হ’ব পাৰে৷ এচিৰ পৰা ওলোৱা পানী আমি বিভিন্ন কামত লগাব পাৰে৷ সেয়ে এচিৰ পৰা বাহিৰ হোৱা পানী সংৰক্ষণ কৰা জৰুৰী৷ এচিৰ পৰা বাহিৰলৈ ওলোৱা পানীৰে কাপোৰ ধোৱা বা ঘৰ পৰিষ্কাৰ কৰা বা বাথৰূমৰ গা ধোৱাৰ বাহিৰে আন কামত লগাব পাৰি৷ ইয়াৰ লগতে বাচন-বৰ্তন ধোৱা কামতো এই পানী ব্যৱহাৰ কৰিব পাৰি৷ এচিৰ পৰা নিৰ্গত হোৱা পানী পৰিষ্কাৰ হোৱা বাবে কুলাৰতো ব্যৱহাৰ কৰিব পৰা যায়৷ অৱশ্যে এচিৰ পৰা ওলোৱা পানী বেটাৰীৰ ভিতৰত দিয়া উচিত নহয়৷ ইয়াৰ ফলত বেটাৰী নষ্ট হৈ যাব পাৰে৷ সেয়ে এচিৰ পৰা ওলোৱা পানী এনেয়ে পেলাই নিদি সংৰক্ষণ কৰি এই কামবোৰত ব্যৱহাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here