চৈধ্য নৱেম্বৰ– বিশ্ব ডায়েবেটিছ দিৱস

0
1852

ডায়েবেটিছ দিৱস প্ৰতিবছৰে ১৪ নৱেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ সমগ্ৰ বিশ্বত ডায়েবেটিছ ৰোগ সম্বন্ধে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে ইণ্টাৰনেশ্যনেল ডায়েবেটিছ ফেডাৰেশ্যন চমুকৈ ‘আই ডি এফ’ৰ উদ্যোগত এই দিৱস পালন কৰা হয়৷ উল্লেখ্য যে ১৯৯১ চনত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্টাৰনেশ্যনেল ডায়েবেটিছ ফেডাৰেশ্যনৰ সহযোগত এই দিৱস পালন কৰা হৈছিল৷ ২০০৭ চনৰ পৰা বিশ্ব ডায়েবেটিছ দিৱস আমেৰিকাত ‘ৰাষ্ট্ৰসংঘৰ স্বীকৃত দিৱস’ হিচাপে পালন কৰি অহা হৈছে৷ ইনছুলিনৰ আৱিষ্কাৰক ফ্ৰেড্‌ৰিক বেনটিঙৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ১৪ নৱেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে ডায়েবেটিছ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ ২০০৫ চনত ডায়েবেটিছ দিৱসৰ বিষয় আছিল– ‘ডায়েবেটিছ আৰু আহাৰ’, ২০০৬ চনত বিষয়– ‘ডায়েবেটিছ ৰোগৰ পৰা হোৱা ক্ষতি আৰু আঘাত’, ২০০৭-২০০৮ চনত বিষয় আছিল– ‘শিশু আৰু কিশোৰ অৱস্থাত ডায়েবেটিছ’; আকৌ ২০০৯ চনৰ পৰা ২০১৩ চনলৈ বিষয় আছিল– ‘ডায়েবেটিছ শিক্ষা আৰু প্ৰতিৰোধ ব্যৱস্থা’৷ একেদৰে ২০১৪-ৰ পৰা ২০১৬ চনলৈ বিষয় আছিল– ‘সুস্বাস্থ্য জীৱন আৰু ডায়েবেটিছ’৷ এইবাৰৰ ডায়েবেটিছৰ বিষয় হ’ল– ‘নাৰ্ছ আৰু ডায়েবেটিছ’৷ নাৰ্ছসকলে ডায়েবেটিছ ৰোগীক কেনেদৰে পৰিচৰ্যা আৰু যতন লয়, বা ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত নাৰ্ছসকলে কিদৰে ভূমিকা পালন কৰে– সেইটোৱেই এইবাৰৰ ডায়েবেটিছৰ মূল বিষয়বস্তু৷ ডায়েবেটিছ হ’ল বিশ্ব স্বাস্থ্য বিপত্তি হিচাপে উদ্ভাসিত এটা বেমাৰ, যিয়ে আৰ্থ-সামাজিকভাৱে প্ৰত্যেকগৰাকী ব্যক্তিৰ লগতে গোটেই সমাজতে প্ৰভাৱ বিস্তাৰ কৰে৷ আধুনিক চিকিৎসা বিজ্ঞানৰ যথেষ্ট সাফল্যৰ পাছতো ডায়েবেটিছ বৰ্তমান সমাজৰ এটা সকলোৰে পৰিচিত অসংক্ৰমিত অথচ ‘চাইলেণ্ট কিলাৰ’ ৰোগ হিচাপে বিবেচিত হৈছে৷ পৃথিৱীৰ ধনী দেশসমূহৰ মানুহৰ মৃত্যুৰ মুখ্য কাৰণসমূহৰ ভিতৰত ডায়েবেটিছো অন্যতম আৰু উন্নয়নশীল দেশসমূহত ই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ এই ৰোগটোৰ দ্বাৰা ৪০-অৰ পৰা ৫৯ বছৰৰ লোক বেছিকৈ আক্ৰান্ত হয়৷ ডায়েবেটিছ হ’ল এটা লেটিন শব্দ, যাৰ অৰ্থ– ‘‘এটা পথ বা মাধ্যমৰ মাজেৰে চলাচল”৷ ভাৰতীয় চিকিৎসকসকলে এই বেমাৰটো চিনাক্ত কৰি নাম দিয়ে মধুমেহ৷ মধুমেহ এটা বিপাক-সম্পৰ্কীয় ৰোগৰ সমষ্টি, য’ত মানুহজনৰ শৰীৰত ইনছুলিন নামৰ হৰম’নবিধ উৎপাদনত ব্যাঘাত জন্মাৰ বাবে বা ইনছুলিন হৰম’নৰ কাৰ্যপ্ৰণালীত ব্যাঘাতৰ ফলত বা দুয়োটাৰে ফলত শৰীৰত শৰ্কৰা বা গ্লুকজৰ পৰিমাণ বাঢ়ি যায়৷ সেয়েহে আহক, বিশ্ব ডায়েবেটিছ দিৱস পালনত আমিও সহযোগিতা আগবঢ়াই পৃথিৱীৰ পৰা এই ৰোগবিধ নিৰ্মূল কৰাত সমভাগী হওঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here