ক’লা আদা দেখিছেনে? জানক ইয়াৰ গুণ Know about the benefits of Black Ginger

0
1214
সকলোৱে নিশ্চয় আদা দেখিছে আৰু ঔষধি গুণৰ বিষয়েও সকলোৰে বিদিত৷ প্ৰধানতঃ আদাক মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ খোৱা ব্যঞ্জনত আদা দিলে আঞ্জাখনৰ সোৱাদ দুগুণে বৃদ্ধি কৰে৷ কিন্তু আপুনি ক’লা আদা দেখিছেনে? ক’লা আদা দেখাত আমি দেখা সাধাৰণ আদাৰ দৰে একেই৷ কেৱল ইয়াৰ ভিতৰৰ অংশ ক’লা বৰণৰ হয়৷ ইয়াৰ বিজ্ঞানসন্মত নাম হ’ল কিম্পফেৰিয়া পাৰভিফ্লোৰা (Kaempferia parviflora) ৷ একাধিক ভেষজ গুণেৰে সমৃদ্ধ ক’লা আদা প্ৰধানকৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহ, বিশেষকৈ থাইলেণ্ডত পোৱা যায়৷ ভাৰততো ক’লা আদাৰ প্ৰচলন আছে৷ জানো আহক কি কি গুণেৰে সমৃদ্ধ এই ক’লা আদা৷

(১) পুৰুষৰ যৌন হৰমন টেষ্টোষ্টেইন বৃদ্ধি আৰু লিংগ শিথিলতা নিৰাময়ৰ বাবে ক’লা আদা উত্তম৷ আনকি বীৰ্যৰ শুক্ৰাণুৰ ঘনত্ব বৃদ্ধি কৰাত ক’লা আদাই গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ অকল পুৰুষৰে নহয়, মহিলাৰ ক্ষেত্ৰতো যৌন মিলনৰ ইচ্ছা বৃদ্ধি কৰাত ক’লা আদাই প্ৰভূত বৰঙণি যোগায়৷


(২) ছালৰ ক্ষত আৰু প্ৰদাহ সৃষ্টিকাৰী ৰোগৰ বাবে ক’লা আদাত আছে একাধিক উপাদান, যিয়ে ছালৰ বিভিন্ন প্ৰকাৰৰ ৰোগৰ সৃষ্টিত বাধা প্ৰদান কৰে৷

ຂີງດຳ / Black Ginger | Pha Khao Lao


(৩) ক’লা আদা এলাৰ্জি প্ৰতিৰোধৰ বাবে অত্যন্ত উপযোগী৷


(৪) তদুপৰি ক’লা আদাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি স্বাস্থ্যৰ সাৰ্বিক উন্নতিৰ বাবে লাগতিয়াল৷


(৫) ক’লা আদাই ৰক্ত সঞ্চালন উন্নত কৰে৷ সেয়েহে ষ্ট্ৰ’ক হোৱাৰ আশংকা কমি থাকে৷


(৬) পেশীৰ কাৰ্যক্ষমতা বৃদ্ধিত ক’লা আদাই যথেষ্ট অৰিহণা যোগায়৷


(৭) হৃদৰোগৰ সমস্যা থাকিলে ক’লা আদা নিয়মিতৰূপে গ্ৰহণ কৰিলে নিৰাময় হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here