আজিকালি প্ৰায়ভাগ শিশুৰ অতি কম বয়সতে চকুৰ বিকাৰ, দৃষ্টিশক্তি উন্নত নোহোৱা, মাইগ্ৰেইন আদি সমস্যাই দেখা দিয়া পৰিলক্ষিত হয়৷ এনেকুৱা বহু শিশু আছে, যাৰ চছ্মা নহ’লে এখোজো নাযায়৷ ইয়াৰ কাৰণৰ বিষয়ে হয়তো আপুনিও অৱগত নোহোৱা নহয়৷
হয়, আপুনি ঠিকেই ধৰিছে৷ আমি ক’ব বিচাৰিছোঁ মোবাইল, টিভি, লেপটপ আদি ডিজিটেল মাধ্যমসমূহৰ বিষয়ে৷ এই ক্ষেত্ৰত অনলাইন ক্লাছো হ’ব পাৰে আপোনাৰ শিশুৰ চকুৰ বিকাৰৰ অন্যতম কাৰণ৷ কিয়নো ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হেতু শিশুসকল অতি বেছিকৈ এই ডিজিটেল মাধ্যমসমূহৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পাইছে৷ যেতিয়া বিদ্যালয় খোলা আছিল, তেতিয়া তেওঁলোকে দিনটোৰ কোনোবা এটা সময়তহে টিভি বা মোবাইলেটা হাতত তুলি লৈছিল৷ কিন্তু অনলাইন ক্লাছসমূহৰ সময়ত তেওঁলোকে অনৱৰতে মোবাইল বা লেপটপটোতে চকু নিবদ্ধ ৰাখিবলগীয়া হয়৷
আনহাতে আজৰি সময়তো তেওঁলোকে টিভিটোকে খুলি বহি লয়৷ অভিভাৱকসকলেও ভাবে যে তেওঁলোকক এনেদৰে ব্যস্ত কৰি ৰাখিলেই নিজৰ কাম সম্পাদন কৰিবলৈ উজু হ’ব৷ মুঠতে ক’বলৈ গ’লে তেওঁলোকে দিনৰ দিনটো এইদৰে ডিজিটেল মাধ্যমসমূহৰ সৈতে ব্যস্ত হৈ পৰে৷ ফলস্বৰূপে শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ চকুৰ ৰোগৰ সমস্যাই গা কৰি উঠা দেখা গৈছে৷ সেয়েহে যদি আপুনিও আপোনাৰ সন্তানটিৰ দৃষ্টিশক্তি কমি যোৱাটো নিবিচাৰে, তেন্তে এই ডিজিটেল মাধ্যমসমূহৰ পৰা তেওঁলোকক কিছু সময়ৰ বাবে আঁতৰাই বাহিৰত খেলা-ধূলা কৰি সময় অতিবাহিত কৰাৰ সুযোগ প্ৰদান কৰক৷