খৰ দুৰ্গন্ধ– বহুতেই ভুগি থকা এটা অস্বস্তিকৰ সমস্যা৷ এই সমস্যাই বহুতকে বহু সময়ত বিপদত পেলোৱা দেখা যায়৷ চিকিৎসা শাস্ত্ৰৰ ভাষাত ইয়াক হেলিট’ছিছ( Halitosis ) বোলে৷ এই সমস্যাত ভোগা লোকজন নিজেও অশান্তিত থাকে, লগতে তেওঁৰ ওচৰে-পাজৰে থকা মানুহেও নাকত সোপা দিবলগীয়া হয়৷ এই ক্ষেত্ৰত মানুহজনৰ মুখৰ দুৰ্গন্ধই তেওঁৰ ব্যক্তিত্বত আঘাত হানে৷ মুখগহ্বৰ বাদেও নাকগহ্বৰ, নাকৰ চাইনাছ, দিঙি, হাওঁফাওঁ, খাদ্যনলী, পাকস্থলী আদি শৰীৰৰ বিভিন্ন অংগৰ অসুখৰ বাবে মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে৷ মুখৰ এই অস্বস্তিকৰ বেয়া গোন্ধত নুভুগিবৰ বাবে বা ভু্গি থকাসকলে পৰিত্ৰাণ পাবৰ বাবে কিছুমান ব্যৱস্থা হাতত ল’ব পাৰে৷ দৈনিক দুবাৰ দাঁত ব্ৰাছ কৰিব লাগে৷ বিশেষকৈ, ৰাতি শোৱাৰ সময়ত দাঁত ব্ৰাছ কৰাটো অত্যন্ত ভাল কথা৷ কাৰণ ৰাতি আহাৰ খোৱাৰ পাছত ব্ৰাছ নকৰিলে অৱশিষ্ট খাদ্যৰ কণিকা দাঁতৰ ফাঁকত সোমাই পচি গৈ দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে৷ ডাক্তৰৰ পৰামৰ্শ মতে ‘মাউথৱাশ্ব’ ব্যৱহাৰ কৰিলেও যথেষ্ট সুফল পোৱা যায়৷ আনাৰস খালেও এইক্ষেত্ৰত সুফল পোৱা যায়৷ আনাৰসে জিভা পৰিষ্কাৰ কৰে আৰু লালতিৰ স্বাভাৱিক ক্ষৰণত সহায় কৰে৷ নেমু বা কমলাৰ বাকলি চোবালেও দুৰ্গন্ধ দূৰ হয়। পদিনাৰ পাতকেইটামান পানীত উতলাই তৈয়াৰ কৰা পদিনাৰ চাহ নিয়মিতকৈ সেৱন কৰিলেও মুখৰ গোন্ধ আঁতৰে। এগিলাচ পানীত নেমুৰ ৰস অকণমান দি সেই পানীৰে কুলু কুলু কৰিলেও যথেষ্ট সুফল পোৱা যায়৷ লং, ইলাচি, ডালচেনিও মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে উপকাৰী৷ মুখৰ দুৰ্গন্ধৰ সৈতে খাদ্যাভ্যাসৰ সম্পৰ্ক আছে৷ বিশেষকৈ, ৰাতিৰ আহাৰ পাতলীয়া হোৱা উচিত৷ পৰাপক্ষত মুখৰ দুৰ্গন্ধত ভোগা লোকে নিশাৰ আহাৰত মাছ-মাংস এৰাই চলাটো ভাল৷ মুখৰ দুৰ্গন্ধ আঁতৰোৱাৰ বাবে পুৱা-গধূলি নিয়মীয়াকৈ খোজ কৰাৰ অভ্যাস কৰাৰ উপৰিও শ্বাস-প্ৰশ্বাসৰ ব্যায়াম আৰু পেটৰ ব্যায়াম কৰাটো প্ৰয়োজন৷ এনে কৰাৰ ফলত হজম শক্তি বৃদ্ধি পায় আৰু মুখৰ দুৰ্গন্ধ সৃষ্টিত ই বাধা দিয়ে৷ সেয়েহে আহক, উল্লেখিত বিধিসমূহ মানি আমি মুখৰ দুৰ্গন্ধৰ সমস্যা দূৰ কৰি নিজৰ ব্যক্তিত্ব অটুট ৰাখো৷