গুৱাহাটীত দ্ৰুতগতিত বাঢ়িছে বায়ু প্ৰদূষণ

0
1933

দেশজুৰি দিয়া লকডাউনৰ ফলত দিল্লীকে ধৰি সকলো ৰাজ্যতে বায়ু প্ৰদূষণৰ মাত্ৰা যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল যদিও লকডাউন শিথিল হোৱাৰ পাছৰে পৰাই গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে বায়ু প্ৰদূষণ৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে শংকা প্ৰকাশ কৰিছে যে এনে প্ৰেক্ষাপটত কভিড-১৯ ৰোগীৰ বাবে এই পৰিৱেশ অধিক বিপজ্জনক হৈ পৰিব পাৰে৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জ্যেষ্ঠ পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই এই সন্দৰ্ভত কয় যে বৰষুণৰ বতৰত বায়ুৰ গুণমান সূচাংক সাধাৰণতে কম থাকে, কিন্তু বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ সমান্তৰালভাৱে বায়ুত গুণমান সূচাংক বৃদ্ধি পাবলৈ ধৰে৷ বিশেষকৈ, শীতকালৰ আগমনৰ ফলত কল-কাৰখানা, যান-বাহন আদিৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণত অৰিহণা যোগায়৷ এনেদৰে নিষ্কাষিত বায়ুুৰ পৰা মূৰৰ বিষ, হাওঁফাওঁজনিত ৰোগ আদি হ’ব পাৰে৷ গুৱাহাটীত বায়ুৰ গুণমান সূচাংক ফেব্ৰুৱাৰীত ১৪৭ আৰু মাৰ্চত ১২৫ আছিল যদিও লকডাউনৰ বাবে পৰৱৰ্তী মাহবোৰত বায়ুৰ গুণমান সূচাংক যথেষ্ট হ্ৰাস পাইছিল৷ কিন্তু লকডাউন শিথিল হোৱাৰ পাছত অক্টোবৰত গুৱাহাটীত বায়ুৰ গুণমান সূচাংক ৮২-লৈ ঊধবৰ্গামী হয়, ঠিক তেনেদৰে নৱেম্বৰৰ মাহৰ তিনি তাৰিখে গুৱাহাটীত বায়ুৰ গুণমান সূচাংক ১৩০-লৈ বৃদ্ধি পাইছে৷ এনেদৰে বায়ুৰ সূচাংক বৃদ্ধি হ’লে অনাগত সময়ত কভিড আক্ৰান্ত ৰোগী বা হাওঁফাওঁজনিত ৰোগত ভোগাসকলৰ বাবে বিপজ্জনক হ’ব পাৰে৷ সেয়েহে আহক অনাগত দিনবোৰত আমি আটায়ে বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ বদ্ধপৰিকৰ হওঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here