সুখবৰ ! অচিৰেই ক’ভিডৰ অৰেল এণ্টিভাইৰেল পিল || Good news: Covid oral anti-viral pill soon

0
755
CSIR-ৰ ক’ভিড ষ্ট্ৰেটেজি গ্ৰুপৰ অধ্যক্ষ ডাঃ ৰাম বিশ্বকৰ্মাই কয় যে মাৰ্ক কোম্পানীয়ে উলিওৱা মলনুপিৰাভিৰ নামৰ সামান্যৰ পৰা মজলীয়া ক’ভিড-১৯ৰ চিকিৎসাত ব্যৱহাৰ কৰিব পৰা এটা অৰেল এণ্টিভাইৰেল পিলৰ জৰুৰী ব্যৱহাৰত কেইদিনমানৰ ভিতৰতে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷ এই ঔষধটো উলিওৱা হৈছে জটিলতাৰ ফালে আগবঢ়া বা চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হোৱা প্ৰাপ্তবয়স্ক ক’ভিড-১৯ ৰোগীৰ কাৰণে৷ ডাঃ বিশ্বকৰ্মাই কয় যে ফাইজাৰ কোম্পানীয়ে উলিওৱা পেক্সলভিড নামৰ একেধৰণৰ আন এটা পিলৰ জৰুৰী ব্যৱহাৰত অনুমতি দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব৷ তেওঁ কয় যে এই দুয়োটা ঔষধ দৰকাৰী হ’ব৷ কাৰণ ভাৰতত ক’ভিড-১৯-এ এতিয়া অতিমাৰীৰ পৰা মহামাৰীৰ ফালে গতি কৰিছে৷ গতিকে ভেকচিনতকৈ টেবলেট দুটা বেছি গুৰুত্বপূৰ্ণ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here