আমাৰ দৈনন্দিন কাৰ্যসমূহৰ ভিতৰত স্নান কৰাটো এটা অন্যতম অভ্যাস৷ আমাৰ সকলোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেলেগ বেলেগ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়৷ সেয়েহে আমাৰ শৰীৰটোক বীজাণুমুক্ত কৰি ৰাখিবলৈ নিতৌ স্নান কৰাটো আৱশ্যক৷ ধৰ্মীয় শাস্ত্ৰমতে স্নান কৰিহে মঠ-মন্দিৰত প্ৰৱেশ কৰিব লাগে৷ লোকবিশ্বাস মতে তেনে কৰিলে মন পৱিত্ৰ হয় আৰু আধ্যাত্মিক ভাবৰ উদয় হয়৷ যি কি নহওক, যিহেতু স্নান কৰাটো আমাৰ দৈনন্দিন কাৰ্যসূচীৰ ভিতৰত অন্যতম; গতিকে আমি স্নান কৰাৰ কিছুমান পদ্ধতি তথা সময় জনাটো খুবেই প্ৰয়োজন৷ বাহ্যিক কাৰ্য যেনে—– চাইকেল চলোৱা, প্ৰখৰ ৰ’দত ঘামি-জামি অহা, শাৰীৰিক শ্ৰম কৰি অহাৰ পাছত লগে লগে গা ধুব নালাগে; কাৰণ তেতিয়া শৰীৰৰ উষ্ণতা বাঢ়ি থাকে৷ সেয়েহে অতিকমেও আধা ঘণ্টা সময় জিৰণি লৈহে গা ধোৱাটো উচিত৷ নহ’লে শৰীৰৰ তাপমান বা উষ্ণতা অসন্তুলন হ'ব৷ যাৰ ফলত আমাৰ মূৰৰ বিষ, কাহ, চৰ্দি আদি বেমাৰ হোৱাৰ সম্ভাৱনা থাকে৷ ভাত খাই উঠিয়েই গা ধোৱাটো একেবাৰে অনুচিত৷ তেনে কৰিলে বদহদম হ’ব পাৰে৷ পুৱা বিছনাৰ পৰা উঠাৰ পাছত ব্যায়াম কৰি তাৰ পাছত স্নান কৰাটো শৰীৰৰ বাবে বেছি উপকাৰী৷ কিন্তু ব্যায়াম কৰি থকাৰ সময়ত শৰীৰৰ তাপমান বৃদ্ধি হৈ থাকে বাবে অলপ সময় ৰৈহে গা ধুব লাগে, নহ’লে নানা শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ ছাল শুকান হ’লে পুৱাৰ পৰিৱৰ্তে ৰাতিহে স্নান কৰিব লাগে৷ সমগ্ৰ দিনটোৰ কাম-কাজৰ পাছত ঘৰলৈ আহি স্নান কৰিলে ছাল ভালে থাকে৷ ডাৰ্ম’টোলজিষ্টৰ মতে, শোৱাৰ সময়ত আমাৰ ছালৰ ওপৰৰ স্তৰত অতিৰিক্ত তেল জমা হৈ থাকে৷৷ পুৱা শুই উঠি স্নান নকৰিলে উক্ত তেলে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ টোপনিৰ সমস্যা থকা লোকৰ ক্ষেত্ৰত ৰাতি শোৱাৰ আগতে স্নান কৰাটো উত্তম৷ ভালকৈ স্নান কৰি শুবলৈ গ’লে টোপনি ভাল হয় বুলি বহু সমীক্ষাত প্ৰকাশ পাইছে৷ গতিকে আহক আমি স্নান কৰাৰ নিয়মবোৰ মানি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখো৷