কুকুৰৰ খাদ্য আৰু যতন– কেনেকৈ ল’ব ?

0
2201

আধুনিক সমাজখনত আজিকালি প্ৰায়ভাগ মানুহেই কুকুৰ পোহাটো পৰিলক্ষিত হৈছে৷ সচৰাচৰ স্থানীয় কুকুৰৰ বাহিৰেও বহিৰাগত বিভিন্ন প্ৰজাতিৰ কুকুৰ মানুহে প্ৰতিপালন কৰি আহিছে৷ কুকুৰ প্ৰভুভক্ত হোৱাৰ লগতে সহজে পোহ মনা বিধৰ বাবে ইয়াক সৰু ল’ৰা-ছোৱালীয়েও সহজে আঁকোৱালি লয়৷ ই নৈশ প্ৰহৰী হিচাপে আমাক সুৰক্ষা দিয়ে৷ বিভিন্ন প্ৰজাতিৰ ভিতৰত মানুহৰ ঘৰত দেখিবলৈ পোৱা কুকুৰৰ জাতবোৰ হ’ল– এলচিচিয়ান, লেব্ৰাডগ, জাৰ্মান চেফাৰ্ড, ৰটৱেলাৰ, ড’বাৰমেন, পাগ আদি৷ এই পোহনীয়া জন্তুবিধ সযতনে ৰাখিবলৈ ইয়াৰ স্বাস্থ্যৰ যতন লোৱাটো অতিকে আৱশ্যক৷ বিশেষকৈ খোৱা-লোৱাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা লোৱাৰ প্ৰয়োজন আছে৷ কুকুৰক খাদ্যৰ ক্ষেত্ৰত অতি সহজে হজম হোৱা, পুষ্টিকাৰক, ৰুচিকাৰক খাদ্য দিয়া উচিত৷ হাড় আৰু মাছ কুকুৰৰ সৰু পোৱালিক দিয়াটো একেবাৰে অনুচিত৷ গাখীৰ কুকুৰ আৰু পোৱালিৰ কাৰণে অতি উত্তম খাদ্য৷ কুকুৰক কেঁচা মুৰ্গীৰ মাংস কেতিয়াও দিব নালাগে, কাৰণ ইয়াৰ ফলত ইহঁত অন্তঃপৰজীৱীৰ পৰা আক্ৰান্ত হ’ব পাৰে৷ ইহঁতৰ খাদ্যৰ লগত নিয়মিত খনিজ পদাৰ্থ, খাদ্যপ্ৰাণ আদি যোগান ধৰাটো প্ৰয়োজন৷ ইহঁতৰ খাদ্য ৰখা বাচনবোৰ নিয়মিতভাৱে চাবোন আৰু গৰম পানীৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ কিন্তু কাৰ্বলিক এচিড থকা চাবোন ব্যৱহাৰ কৰাটো একেবাৰে নিষিদ্ধ৷ সুস্বাস্থ্য অটুট ৰাখিবলৈ কুকুৰক দৈনন্দিন শৰীৰ চৰ্চাও কৰাব লাগে৷ কুকুৰৰ গৰাকীজনে প্ৰতিদিনে ইহঁতৰ সৈতে খেলিব লাগে আৰু খোজ কঢ়াব লাগে৷ কুকুৰৰ উপৰিভাগ পৰিষ্কাৰকৈ ৰাখিবলৈ গৰমকালি সপ্তাহত দুবাৰ আৰু শীতকালি দুসপ্তাহ বা তিনি সপ্তাহত এবাৰলৈ গা ধুৱাব লাগে৷ ইয়াৰ বাবে চেলেনিয়াম থকা ছেম্পু বা ছালফাৰ থকা চাবোন ব্যৱহাৰ কৰিলে ভাল৷ কেতিয়াবা কিছুমান কুকুৰৰ অতিৰিক্ত সংখ্যক দাঁত দেখা যায়৷ এনে দাঁতবোৰ বৈজ্ঞানিক পদ্ধতিৰে উভালি পেলাব লাগে, অন্যথা এনে অতিৰিক্ত দাঁতে মুখগহ্বৰত ঘাৰ সৃষ্টি কৰিব পাৰে৷ ইহঁতক শুবলৈ দিয়া ঠাইডোখৰত বিষাক্ত বস্তু ৰাখিব নালাগে৷ শুবলৈ দিয়া বিছনাখন কোমল হ’ব লাগে৷ অসুস্থ কুকুৰক খাদ্য যোগান ধৰাৰ আগতে পশু চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত৷ সেয়েহে আহক, ঘৰৰ পোহনীয়া মৰমৰ কুকুবোৰৰ খাদ্য তথা স্বাস্থ্যৰ বাবে আমি অকণমান সময় দিওঁ, যাতে সিহঁতেও আপোনাৰ দৰেই এটা সুন্দৰ আৰু স্বাস্থ্যকৰ জীৱন যাপন কৰিব পাৰে। গুৰুজনাই কোৱা কথাষাৰ পুনৰবাৰ আওৰাওঁ আহকচোন–
“কুক্কুৰ, শৃগাল, গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here