বিগত বৰ্ষত কভিড পৰিস্থিতিৰ বাবে দুৰ্গা পূজা অনুষ্ঠিত নহ’ল যদিও অসমত এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ কিন্তু ইয়াৰ পূৰ্বে সকলোৱে ভেক্চিন লোৱাটো অত্যন্ত জৰুৰী৷ এই কথা প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কিছু কভিড প্ৰট’কল মানি দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগিব৷ এই সন্দৰ্ভত অচিৰেই ৰাজ্যৰ স্বাস্থ্য বিভাগে নীতি-নিৰ্দেশনা জাৰি কৰিব৷ ৰাজ্যবাসীয়ে যিদৰে ৰঙালী বিহু উদ্যাপন কৰিলে, ঠিক সেইদৰেই দুৰ্গা পূজাও উদ্যাপন কৰিব পাৰিব বুলি জনাই ড॰ শৰ্মাই লগতে কয় যে সতৰ্কতাৰে পূজা উদ্যাপন কৰিলে একো সমস্যাৰ সৃষ্টি নহয়৷ ইফালে বহুতো লোকে প্ৰথম পালি ভেক্চিন লোৱাৰ পাছত দ্বিতীয় পালি ভেকচিন ল’বলৈ ওলাই অহা নাই বুলি উল্লেখ কৰি ড॰ শৰ্মাই কয় যে সকলোৱে ভেক্চিন ল’বলৈ ওলাই আহক৷ এতিয়া ভেক্চিনৰ অভাৱ নাই৷ যদিহে ভেক্চিন নলয় তেতিয়াহ’লে কৰ’নাৰ তৃতীয়টো ঢৌ আহিলে সমস্যাৰ সৃষ্টি হ’ব বুলিও সকীয়াই দিয়ে মুখ্যমন্ত্ৰীজনে৷ সেয়েহে মুখ্যমন্ত্ৰীৰ আহবানৰ প্ৰতি সঁহাৰি জনাই যিসকল লোকে এতিয়াও কভিড ভেক্চিনৰ এটা ড’জ লৈছে বা এটাও ড’জ লোৱা নাই, সেইসকলে অনতিবিলম্বে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা চিকিৎসালয়লৈ গৈ কভিডৰ টিকাকৰণ কৰাওক৷ এনেধৰণৰ সজাগতাই আমাক কভিড-১৯ৰ বিৰুদ্ধে কৰা যুঁজখনত সহায় কৰিব আৰু আমি সফল হ’ম৷
Home Daily news মুখ্যমন্ত্ৰীৰ আহ্বান: পূজাৰ পূৰ্বে সকলোৱে ভেক্চিন লওক (Chief Minister urges all to...