শিশুৰ ডায়েৰিয়া হ’লে কি খুৱাব? What to give to a child suffering from diarrhoea?

0
645
শিশুৰ ক্ষেত্ৰত সচৰাচৰ হোৱা এটা সমস্যা হৈছে ডায়েৰিয়া৷ বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকশ্যন, গেছ, ফুড পয়জনিং আদিৰ বাবে শিশুৰ ডায়েৰিয়া হ’ব পাৰে৷ ফলত পেটৰ বিষ, বমি, পনীয়া শৌচ, জ্বৰ, ডিহাইড্ৰেশ্যন আদি লক্ষণে দেখা দিয়ে৷ এনে অৱস্থাত শিশুক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে৷ আনহাতে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি শিশুটিৰ যতন ল’ব পাৰে৷

(১) এনে সমস্যাত শিশুৰ শৰীৰ দুৰ্বল হৈ পৰে৷ শৰীৰত পানীৰ অভাৱ হ’বলৈ ধৰে৷ সেয়েহে অলপ নিমখ আৰু চেনি মিশ্ৰিত পানী শিশুটিক সময়ে সময়ে খুৱাই থাকিব লাগে৷

15 Home Remedies To Treat Dehydration


(২) নাৰিকলৰ পানীও ডায়েৰিয়াত উপকাৰী৷ ই পেট ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷

The 55 Best Coconut Water Benefits - The Chalkboard


(৩) যিহেতু ডায়েৰিয়াত হজম শক্তি কমি যায়, সেয়েহে শিশুক BRAT Diet দিয়া উচিত৷ BRAT Diet অৰ্থাৎ Banana, Rice, Applesauce আৰু Toast৷ এই BRAT Dietসমূহ কম ফাইবাৰযুক্ত, ছফ্‌ট আৰু সহজে হজম হোৱা৷

The BRAT Diet: Who Can Try, Foods To Avoid.


(৪) শিশুক Applesauce দিয়াটো উত্তম৷ ইয়াৰ বাবে আপেল সৰু সৰুকৈ কাটি অলপ পানীত উতলাব লাগে, যেতিয়ালৈকে আপেলখিনি কোমল হৈ নাযায়৷ ইয়াৰ পাছত আপেলখিনি ঘুটি লৈ লুঠুৰৰ দৰে খুৱাব লাগে৷

Recette Compote de pommes facile | Mes recettes faciles


(৫) ডায়েৰিয়া হ’লে শিশুক দুগ্ধজাত সামগ্ৰী, ভজা-পোৰা খাদ্য, কেঁচা খাদ্যবস্তু খাব দিব নালাগে৷ অৱশ্যে সৰু কেঁচুৱাৰ বাবে মাকৰ গাখীৰেই যথেষ্ট৷

10 Facts and Myths About Acne

LEAVE A REPLY

Please enter your comment!
Please enter your name here