দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকাৰ কিছুমান দেশত নকল কভিশ্বিল্ড ভেক্চিন পোৱাৰ পাছত চৰকাৰ চিন্তিত হৈ পৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে সতৰ্কতা জাৰি কৰিছে৷ এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ NHM-ৰ সঞ্চালকে জিলা দণ্ডাধীশসকল আৰু মুখ্য চিকিৎসা বিষয়াসকললৈ বিতং নীতি-নিৰ্দেশ জাৰি কৰিছে৷ ৰাজ্য চৰকাৰে তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ আৰু কভিশ্বিল্ড ভেক্চিনৰ যোগান ব্যৱস্থাত নিৰীক্ষণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে কয়, ‘ভাৰত চৰকাৰৰ চিঠি মতে, বিশ্ব স্বাস্থ্য সংস্থাই দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকাত নকল কভিশ্বিল্ড ধৰা পেলাইছে৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু ভেক্চিনটো উৎপাদন কৰা কোম্পানীটোৱে তেনে ভেক্চিনবোৰ পৰীক্ষা কৰাৰ পাছত সেইবোৰ নকল বুলি নিশ্চিত হয়৷’ উল্লেখ্য যে অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাই উদ্ভাৱন কৰা কভিড-১৯ৰ ভেক্চিন কভিশ্বিল্ড উৎপাদন কৰিছে পুনেৰ ছিৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়াই৷ বিশ্ব স্বাস্থ্য সংস্থাই অলপতে নকল কভিশ্বিল্ড ভেক্চিন চিনাক্ত কৰে৷ জুলাই আৰু আগষ্টত ভাৰত আৰু আফ্ৰিকাৰ কতৃৰ্পক্ষসমূহে নকল ভেক্চিন ড’জবোৰ জব্দ কৰে৷
Home Daily news দক্ষিণ-পূব এছিয়া, আফ্ৰিকাত নকল কভিশ্বিল্ড ভেক্চিন ধৰা পেলালে বিশ্ব স্বাস্থ্য সংস্থাই