আমেৰিকাৰ খাদ্য আৰু ঔষধ বিভাগ চমুকৈ FDA-এ ফাইজাৰৰ কৰ’না ভাইৰাছৰ ভেক্চিনৰ সম্পূৰ্ণৰূপে অনুমোদন জনাইছে৷ আন কথাত এতিয়া ফাইজাৰৰ ভেক্চিন কৰ’না ভাইৰাছৰ বিৰুদ্ধে পূৰ্ণ পৰ্যায়ৰ ভেক্চিনত পৰিণত হয়৷ ইয়াৰ আগলৈকে এই ভেক্চিনৰ জৰুৰী ব্যৱহাৰতহে অনুমোদন জনোৱা হৈছিল৷ আমেৰিকাত Pfizer-ৰ ভেক্চিন ১৬ বছৰৰ ঊধবৰ্ৰ ব্যক্তিক দি থকা হৈছে৷ আনহাতে ব্ৰিটেইনত এই ভেক্চিন ১২-১৫ বছৰৰ শিশুৰ বাবেও অনুমোদন জনোৱা হৈছে৷