Zydus Cadila কোম্পানীয়ে ১২-১৮ বছৰীয়া কিশোৰৰ বাবে প্ৰস্তুত কৰা কভিড-১৯ৰ ভেক্চিন ZyCoV-D-য়ে ভাৰতত জৰুৰী ব্যৱহাৰৰ বাবে ঔষধ নিয়ন্ত্ৰকৰ অধীনৰ বিশেষজ্ঞ সমিতিৰ অনুমোদন পোৱাৰ পাছত কোম্পানীয়ে এই বয়সৰ আগৰ বয়সৰ শিশুৰ কথাও চিন্তা কৰিছে৷ কোম্পানীটোৰ পৰিচালন সঞ্চালক শৰবিল পেটেলে জনায় যে তেওঁলোকে এতিয়া ৩-১২ বছৰীয়া শিশুৰ বাবে কভিড-১৯ ভেক্চিনৰ পৰীক্ষাৰ বাবে আৱেদন জনাব৷ অহা ৭-১০ দিনৰ ভিতৰত কোম্পানীটোৱে আৱেদন জনাব বুলি জানিব পৰা গৈছে৷