শক্তিশালী মাংসপেশী গঠনত Peanut Butter কিয় খাব লাগে?

0
415
সমগ্ৰ বিশ্বতে Peanut Butter-ৰ বহুল জনপ্ৰিয়তা আছে৷ প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনযুক্ত হোৱা হেতুকে ইয়াক হেলথি ফুড হিচাপে বিবেচনা কৰা হয়৷ অকল এয়াই নহয়, পিনাট বাটাৰৰ আৰু কিছুমান উপকাৰিতা আছে যাৰ বিষয়ে আপুনি নিশ্চয় আগতে ক’তো শুনা নাই৷

(১) Peanut Butter-ত Oleic Acid আৰু Omega-6 পোৱা যায়৷ যিয়ে কলেষ্টৰেল লেভেল নিয়ন্ত্ৰণত ৰাখে লগতে পিনাট বাটাৰে LDL, অৰ্থাৎ বেয়া কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰাতো সহায় কৰে৷ ফলত আপোনাৰ হাৰ্ট সুস্থ হৈ থকাত সহায়ক হয়৷

When You Eat Peanut Butter Every Day, This Is What Happens To Your Body


(২) আপুনি যদি মাংসপেশী শক্তিশালী কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ডায়েটত Peanut Butter অন্তৰ্ভুক্ত কৰক৷ ই আপোনাক হেল্‌থি ফেটছ আৰু প্ৰ’টিনৰ যোগান ধৰে লগতে ইয়াত আইৰন, কেলচিয়াম আৰু মেগনেচিয়ামো পোৱা যায়, যিয়ে হাড় মজবুত কৰাত অৰিহণা যোগায়৷


(৩) Peanut Butter-ত Monounsaturated আৰু Polyunsaturated ফেটছ থাকে৷ এই দুইবিধ উপাদানে ওজন বৃদ্ধিৰ সম্ভাৱনা কম কৰে যদিহে আপুনি ইয়াক সঠিক পৰিমাণে আৰু হেল্‌থি ডায়েটৰ লগত গ্ৰহণ কৰে৷

Almond Butter vs. Peanut Butter | Ayur Times


(8) Peanut Butter-ত কাৰ্বহাইড্ৰেটৰ পৰিমাণ অলপ কম থাকে৷ সেয়েহে Type-2 ডায়েবেটিছ ৰোগীয়েও পিনাট বাটাৰ গ্ৰহণ কৰিব পাৰে৷


(৫) ইয়াত ভিটামিন-E, ভিটামিন-B3, ভিটামিন-B6, ফলেট, মেগনেচিয়াম, কপাৰ, মেংগানিজ আদি পোৱা যায়৷ যি আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয়৷ কিন্তু মনত ৰাখিব ইয়াত প্ৰচুৰ পৰিমাণে কেলৰিও থাকে৷ সেয়েহে Peanut Butter গ্ৰহণ কৰোঁতে সাৱধান হোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here