কোনো কৈছে হেলথি ডায়েট মানে যে অকল শাক-পাচলিয়েই৷ আমাৰ সকলোৰে এটা ভুল ধাৰণা আছে যে হেল্থি ডায়েট মানে অকল সেউজীয়া শাক-পাচলিকেই বুজা যায়৷ যিটো দৈনন্দিন জীৱনত কিছুমানৰ বাবে একেবাৰে আমনিদায়ক হয়৷ কিন্তু সকলো খাদ্যবস্তু সঠিক নিয়ম আৰু সঠিক পৰিমাণে খালে শৰীৰৰ বিশেষ একো অপকাৰ নকৰে৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কিছুমান খাদ্যবস্তু, যিবোৰ সোৱাদযুক্ত হোৱাৰ লগতে হেল্থিও হয়৷
(১) শৰ্কৰাবিহীন পিনাট বাটাৰত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু মেগনেচিয়াম পোৱা যায়৷ পেনকে’ক, ব্ৰেড, আইচক্ৰীম, পিজ্জা, পপকৰ্ন আদি বিভিন্ন ধৰণৰ খাদ্যবস্তুৰ লগত পিনাট বাটাৰ গ্ৰহণ কৰিব পাৰে৷ ই ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰখাৰ লগতে শৰীৰৰ ওজন সম্বন্ধীয় সমস্যাসমূ্হো নিৰাময় কৰে৷
(২) পপকৰ্নত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায় লগতে ইয়াত কেলৰিৰ পৰিমাণো কম৷ কেৱল মনত ৰখা উচিত পপকৰ্ন বনাওঁতে বাটাৰ আৰু কেৰামেলৰ পৰিৱৰ্তে সামান্য পৰিমাণৰ নিমখ দিলেহে ইয়াৰ সোৱাদ আৰু সুফল লাভ কৰিব পাৰিব৷
(৩) পাস্তা খাই ভাল নোপোৱা মানুহ নিশ্চয় নাই৷ পাস্তা তৈয়াৰ কৰোঁতে তাত শস্যজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিলে ইয়াত থকা ফাইবাৰৰ গুণ অধিক বৃদ্ধি পায়৷ মাত্ৰ মনত ৰাখিব ইয়াত অধিক চিজ ব্যৱহাৰ নকৰিব৷
(৪) যদিও মৌ খাবলৈ মিঠা, তথাপি ই আপোনাৰ শৰীৰৰ বিশেষ ক্ষতি নকৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ইনফ্লেমেশ্যনৰ লগতে বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে৷